পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সু-স্বাস্থ্য মানৱ জীৱনৰ প্ৰগতিৰ ভেঁটি। এই বিশ্ব স্বাস্থ্য দিৱসত মই সকলোকে সু-স্বাস্থ্যৰ অধিকাৰ হোৱাৰ লগতে বিকাশৰ নতুন শিখৰত উপনীত হোৱাটো কামনা কৰিলো।
মই বিশ্ব স্বাস্থ্য সংস্থা আৰু অন্যান্যসকলে বিবেচনা কৰা ‘সাৰ্বজনীন স্বাস্থ্য অন্তৰ্ভূক্তি:প্ৰত্যককে, সকলোতে’ শীৰ্ষক বিষয়বস্তুক আদৰণি জনাইছো। সকলোৰে বাবে স্বাস্থ্যৰ যি অভিযান, সেইটোৱে আমাক বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যসেৱা আঁচনি আয়ুষ্মান ভাৰত সৃষ্টি কৰিবলৈ প্ৰেৰণা যোগাইছে।”
****
AKT/AP/DB
Good health is the foundation of human progress. This #WorldHealthDay, I wish all of you remain in the best health and continue to scale new heights of growth. pic.twitter.com/yQJUW6v9WF
— Narendra Modi (@narendramodi) April 7, 2018