Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব ৰেডিঅ’ দিৱস হৈছে জনসাধাৰণৰ বাবে বিশ্বাসযোগ্য কণ্ঠস্বৰৰ উদযাপন : প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্ব ৰেডিঅ’ দিৱস হৈছে এনে এক মাধ্যম যিটো মানুহৰ বাবে এক বিশ্বাসযোগ্য কণ্ঠস্বৰ, সেয়া দুৰ্গম গাঁৱতে হওক বা ব্যস্ত চহৰতেই হওক।  শ্ৰী মোদীয়ে উল্লেখ কৰে যে বছৰ বছৰ ধৰি ৰেডিঅ’ই সময়োপযোগী তথ্য প্ৰদান, প্ৰতিভাৰ বিকাশ আৰু সৃষ্টিশীলতাক উৎসাহিত কৰি আহিছে।

 

“মন কি বাতৰ জৰিয়তে মই জনসাধাৰণৰ সামাজিক শক্তিক উলিয়াই অনাৰ ক্ষেত্ৰত ৰেডিঅ’ৰ সম্ভাৱনা প্ৰত্যক্ষভাৱে অনুভৱ কৰিছো। এই মাহৰ অনুষ্ঠানটো ২২ ফেব্ৰুৱাৰী দেওবাৰে অনুষ্ঠিত হ’ব। অনুষ্ঠানটোৰ বাবে আপোনালোকৰ পৰামৰ্শসমূহ শ্বেয়াৰ কৰক”, শ্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :

 

“বিশ্ব ৰেডিঅ’ দিৱস হৈছে এনে এটা মাধ্যমৰ উদযাপন, যিটো হৈছে জনসাধাৰণৰ বাবে এক বিশ্বাসযোগ্য কণ্ঠস্বৰ, সেয়া দুৰ্গম গাঁৱতে হওক বা ব্যস্ত চহৰতেই হওক। বছৰ বছৰ ধৰি ৰেডিঅ’ই সময়োপযোগী তথ্য প্ৰদান, প্ৰতিভা বিকাশ আৰু সৃষ্টিশীলতাক উৎসাহিত কৰি আহিছে। এই মাধ্যমৰ সৈতে জড়িত সকলোৰে প্ৰচেষ্টাক স্বীকৃতি দিয়াৰ বাবেই এই দিৱস।”

 

#MannKiBaatৰ জৰিয়তে আমাৰ জনসাধাৰণৰ সামাজিক শক্তিক উলিয়াই অনাৰ ক্ষেত্ৰত ৰেডিঅ’ৰ সম্ভাৱনীয়তা প্ৰত্যক্ষভাৱে অনুভৱ কৰিছো। এই মাহৰ কাৰ্যসূচী ২২ ফেব্ৰুৱাৰী, দেওবাৰে অনুষ্ঠিত হ’ব। এই অনুষ্ঠানৰ বাবে আপোনালোকৰ পৰামৰ্শসমূহ শ্বেয়াৰ কৰক।”

 

https://mygov.in/group-issue/inviting-ideas-mann-ki-baat-prime-minister-narendra-modi-22nd-february-2026/?target=inapp&type=group_issue&nid=366266

***

 

MJPS/VJ/KD