Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বীমা নিয়ামক খণ্ডত ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰতৰ বীমা নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণৰ (আইআৰডিএআই) আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ইন্সুৰেঞ্চ অফিচৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ বাবে অনুমোদন জনাইছে।

এই বুজাবুজি চুক্তিখনে দুয়োটা প্ৰাধিকৰণৰ কাম-কাজৰ অৱলোকন আৰু অন্যান্য আইনগত দায়ৱদ্ধতাৰ ক্ষেত্ৰত তথ্যৰ বিনিময় আৰু গৱেষণামুলক সাহায্যৰ ক্ষেত্ৰত পৰিকাঠামোগত সহযোগিতা আৰু যোগসূত্ৰ ৰক্ষাত সহায় কৰিব। চুক্তিখনৰ অধীনত দুয়ো দেশে বিভিন্ন নিয়ামক কামৰ ক্ষেত্ৰত অভিজ্ঞতা বিনিময় কৰিবলৈ মনস্থ কৰাৰ লগতে প্ৰশিক্ষণমুলক কাম-কাজকে ধৰি অন্যান্য ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা আগবঢ়াব ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই বীমা খণ্ডৰ বিবেচনাপূৰ্ণ নিয়ামকৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মানৰ কাম-কাজ, বিত্তীয় সুস্থিৰতা আৰু গ্ৰাহক সুৰক্ষাৰ উন্নয়ন আৰু কাৰ্যকৰীকৰণ ইত্যাদি সুবিধা আগবঢ়াবলৈ সহমত প্ৰকাশ কৰিছে

উল্লেখ্য যে ভাৰতত বীমাৰ নিয়ন্ত্ৰণ, প্ৰচাৰ আৰু ইয়াৰ শৃংখলিতভাৱে বিকাশ সুনিশ্চিত কৰাৰ লগতে পুনৰ বীমাৰ ব্যৱসায় কৰিবলৈ বীমা নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ আইন, ১৯৯৯ৰ অধীনত আইআৰডিএআই স্থাপন কৰা হয়। একেদৰে, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বীমা খণ্ডৰ সকলো পৰ্যায়ৰ নিৰীক্ষণ আৰু আন্তঃৰাষ্ট্ৰীয় বীমাৰ ক্ষেত্ৰত আমেৰিকাই বিবেচনাপূৰ্ণ কাৰণত প্ৰতিনিধিত্ব কৰিবলৈ ফেডাৰেল ইন্সুৰেন্স অফিচ(এফআইঅ) গঠন কৰা হয়।

*************

AKT/SNC/DB