পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত বৈঠকত বৃত্তিমূলক নিৰাপত্তা আৰু স্বাস্থ্যজনিত(অ’এছএইচএ) ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্যৰে ভাৰত আৰু জাৰ্মানীৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে৷ এই বুজাবুজি চুক্তিখন ২০১৮ৰ ১৩ নৱেম্বৰত নবীকৰণ কৰা হয়৷
লাভালাভঃ
এই চুক্তিৰ ফলত বৃত্তিমূলক নিৰাপত্তা আৰু স্বাস্থা খণ্ডত আধুনিক প্ৰশিক্ষণৰ বিভিন্ন কলা–কৌশল আৰু প্ৰযুক্তিৰ বিকাশ ঘটোৱাটো সম্ভৱ হৈছে৷ আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সংস্থা(আইএছএছএ)ৰ মাধ্যমে জার্মান সামাজিক দুৰ্ঘটনা বীমা (ডিজিইউভি) নির্মাণ আৰু উৎপাদন ক্ষেত্রত কিদৰে অ’এছএইচ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ বিষয়টো ইয়াত সন্নিৱিষ্ট কৰা হৈছে৷ একেদৰে কর্মক্ষেত্রত কিদৰে স্বাস্থ্য আৰু সুৰক্ষাৰ উন্নতি তথা বৃত্তিৰ সময়ত আঘাত আৰু ৰোগৰ পৰা শ্ৰমিকসকলে সুৰক্ষা পাব সেই কথাও চুক্তিখন উল্লেখ আছে। এই সহযোগিতাৰ ফলত ডিৰেক্টৰেট জেনেৰেল ফেক্টৰী এডভাইচ চার্ভিছ এণ্ড লেবাৰ ইনষ্টিটিউট (ডিজিএফএএছএলআই)ৰ দক্ষতা বৃদ্ধি কৰাটো সম্ভৱ হ’ব৷ ইফালে, অ’এছএইচৰ ক্ষেত্রত সমস্যাৰ মোকাবিলা, গৱেষণাগাৰৰ আধুনিকীকৰণ তথা গৱেষণাৰ ক্ষেত্রত উন্নতি ঘটাই ভাৰতীয় শ্ৰমিকসকলৰ কর্মক্ষমতা বৃদ্ধি কৰিব পৰা যাব বুলি আশা কৰা হৈছে৷
*****
AKT/SH/DB