পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংক আৰু এনবিএফচিসমূহৰ অংশীদাৰসকলৰ সৈতে হোৱা বৈঠকত অংশগ্ৰহণ কৰি ভৱিষ্যতৰ কাৰ্যপন্থা নির্ধাৰণৰ পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বিষয়ে আলোচনা কৰে৷
বৈঠকত বিত্তীয় আৰু বেংকিং ব্যৱস্থাপনাৰ উন্নয়নৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা সন্দৰ্ভত আলোচনা হৈছে৷ উল্লেখ্য যে মূলধনৰ চাহিদা পুৰণত ক্ষুদ্ৰ উদ্যোগী, আত্মসহায়ক গোটৰ সদস্য আৰু কৃষকসকলে যাতে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰে সেই বিষয়ে উৎসাহ যোগোৱাটো প্ৰয়োজন৷ স্থায়ী মূলধন বৃদ্ধিৰ বাবে প্ৰত্যেক বেংকে ইয়াৰ নীতি আৰু প্ৰচেষ্টাৰ পর্যালোচনা কৰিব লাগিব৷ সকলো প্ৰস্তাৱ একে মানদণ্ডত বেংকসমূহে বিচাৰ কৰিলে নহ’ব, উপযুক্ত প্ৰস্তাৱ চিনাক্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা ল’ব লাগিব যাৰ জৰিয়তে যিসকলৰ প্ৰয়োজন তেওঁলোকে ধন লাভ কৰাৰ লগতে বেংকসমূহেও পূর্বৰ অনুৎপাদক সম্পদৰ দৰে সমস্যাৰ সন্মুখীন নহয়৷
উল্লেখ্য যে চৰকাৰে বেংকিং ব্যৱস্থাক সম্পূৰ্ণ সহায় কৰিছে। বেংকৰ উন্নতিত প্ৰয়োজনীয় সমর্থন যোগাবলৈ চৰকাৰে যিকোনো পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰস্তুত। কেন্দ্রীভূত ডেটা প্লেটফর্ম, ডিজিটেল প্ৰক্রিয়াত ডকুমেণ্টেচনৰ কাম আৰু গ্রাহকসকলৰ বিষয়ে ডিজিটেল মাধ্যমেৰে তথ্য সংগ্ৰহৰ দৰে প্ৰযুক্তি বেংকসমূহে ব্যৱহাৰ কৰিব লাগিব৷ ইয়াৰ জৰিয়তে মূলধনৰ যোগান বৃদ্ধি পাব, গ্রাহকসকলৰ সেৱা সুবিধা হ’ব, বেংকাৰ হ্রাস পাব আৰু জালিয়াতিৰ ঘটনাও কমিব৷
ভাৰতে এক বিপুল, কম মূল্যৰ আন্তঃগাঁথনি গঢ়ি তুলিছে, যাৰ জৰিয়তে প্ৰতিটো ভাৰতীয় ডিজিটেল পদ্ধতিত সহজে আর্থিক লেনদেন কৰিব পাৰে৷ গ্রাহকসকলে যাতে ৰূপে আৰু ইউপিআইৰ ব্যৱহাৰ বৃদ্ধি কৰে, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহে সেই দিশত সজাগ হ’ব লাগিব৷
অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগৰ বাবে জৰুৰীকালীন মূলধনৰ যোগান, অতিৰিক্ত কিষাণ ক্রেডিট কার্ড বিতৰণ, অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান আৰু ক্ষুগ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহক মূলধন যোগানৰ দৰে বিষয়বোৰক লৈ বৈঠকত আলোচনা হয়৷ এই সংকট কালত যিসকলৰ মূলধনৰ প্ৰয়োজন তেওঁলোকে যাতে সঠিক সময়ত সেয়া লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ বেংকৰ বিভিন্ন প্ৰকল্পক লৈও আলোচনা হয় আৰু হিচতাধিকাৰীসকলে যাতে সকলে সা-সুবিধা বেংকৰ পৰা পাব পাৰে, সেই ক্ষেত্ৰত বেংকসমূহ সক্রিয় হ’ব লাগিব৷
VRRK/KP/DB
Had an extensive interaction with stakeholders from banks and NBFCs to deliberate on the roadmap for economic growth, helping entrepreneurs and a range of other aspects. https://t.co/0yX7gWfG07
— Narendra Modi (@narendramodi) July 29, 2020