Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বেংগালুৰুত দ্য আৰ্ট অব লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

বেংগালুৰুত দ্য আৰ্ট অব লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ


শ্ৰদ্ধাৰ শ্ৰীশ্ৰী ৰবিশংকৰজী, ইয়াত উপস্থিত থকা আন সকলো সন্ত-মহন্ত, ভাই-ভনী, সকলোলৈ নমস্কাৰ।

আজিৰ এই পুৱাটোৱে কঢ়িয়াই আনিছে এক অনন্য অভিজ্ঞতা। বৈদিক মন্ত্ৰৰে শিশুসকলৰ আদৰণি, ভগৱান শ্ৰী গণেশৰ দৰ্শন, শ্ৰীশ্ৰী ৰবিশংকৰজীৰ ৭০ বছৰীয়া জয়ন্তী আৰু আৰ্ট অব্ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী আদি মুহূৰ্ত মোৰ স্মৃতিত আজীৱন খোদিত হৈ থাকিব। এই সুন্দৰ অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ।

গুৰুদেৱে এতিয়া ইমানবোৰ কথা ক’লে। আপোনালোকে হয়তো ভাবিব পাৰে যে তেওঁ মোক প্ৰশংসা কৰিছে, কিন্তু মই অনুভৱ কৰিছোঁ যে তেওঁ মোক কৰিবলগীয়া কামবোৰৰ কথা উনুকিয়াইছে। আপুনি ঠিকেই কৈছে যে মোক ধন্যবাদ দিব নালাগে, কিয়নো মই আপোনালোকৰে, আপোনালোকৰ মাজলৈ আপোনালোকৰ বাবেই আহিছোঁ, আৰু মই য’তেই আছোঁ আপোনালোকৰ কাৰণেই আছোঁ। আজি গুৰুদেৱৰ ৭০ বছৰীয়া জয়ন্তী, সেয়েহে মই আগতীয়াকৈ ক’ব বিচাৰিছোঁ যে যিহেতু মই আপোনালোকৰ ঘৰৰে, শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত মই আকৌ নিশ্চয় আহিম।

আজি এই ঐশ্বৰিক আৰু মহত্ ধ্যান মন্দিৰৰ উদ্বোধন কৰা হয়। যেতিয়া সংকল্প স্পষ্ট হয় আৰু সেৱাৰ মনোভাৱেৰে কাম কৰা হয়, তেতিয়া প্ৰতিটো প্ৰচেষ্টাই ইতিবাচক ফল দিয়ে। আৰু যিয়েই নহওক কিয়, আমি সকলোৱে পদুমৰ সুৰক্ষাত আছোঁ। যেতিয়াই বুজি পায়, হাত চাপৰি বজাওক। আৰু গুৰুদেৱৰ আশীৰ্বাদত পদুমৰ সুৰক্ষাই দেশখনক নতুন শিখৰলৈ লৈ যাব। এই ধ্যান মন্দিৰৰ বাবে আৰ্ট অব লিভিং পৰিয়াললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

বেংগালুৰুৰ পৰিৱেশ, ইয়াৰ পৰিৱেশ পৃথক। এই চহৰখন ছফটৱেৰ আৰু সেৱাৰ বাবে বিশ্বজুৰি পৰিচিত। কিন্তু এই চহৰখনে ভাৰতৰ সাংস্কৃতিক পৰিচয়, আধ্যাত্মিকতা, আধ্যাত্মিক চেতনাকো নতুন শিখৰলৈ উন্নীত কৰিছে। যোগ, ধ্যান, প্ৰাণায়াম ভাৰতৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হৈ আহিছে। আৰু গুৰুজীয়ে কোৱাৰ দৰে আজি সমগ্ৰ বিশ্বৰ মানুহ ভাৰতৰ এই আধ্যাত্মিক পৰম্পৰাৰ দ্বাৰা প্ৰভাৱিত হৈছে, আৰু এই প্ৰাচীন পৰম্পৰাই ভাৰতৰ বহু প্ৰতিষ্ঠানক অনুপ্ৰাণিত কৰিছে।

বন্ধুসকল,

এই পৰাই অনুপ্ৰাণিত হৈ শ্ৰীশ্ৰী ৰবিশংকৰজীয়ে ৪৫ বছৰ পূৰ্বে আৰ্ট অব লিভিঙৰ বীজ ৰোপণ কৰিছিল। আজি সেয়া এক বিশাল বটবৃক্ষ হৈ আমাৰ সন্মুখত থিয় হৈ আছে। এই বটবৃক্ষৰ হাজাৰ হাজাৰ ডালে বিশ্বৰ অগণন মানুহৰ জীৱন স্পৰ্শ কৰিছে। আৰু বিদেশৰ যি যি ঠাইলৈ মোৰ যাবলগীয়া হয়, তাতেই আপোনালোকৰ দৰে কোনোবা এজনক বিচাৰি পাওঁ।

বন্ধুসকল,

আমাৰ ভাৰতবৰ্ষ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এখন দেশ। ইমানবোৰ ভাষা, ইমানবোৰ পৰম্পৰা, বিভিন্ন ৰীতি-নীতি, আৰু বিভিন্ন ধৰণৰ উপাসনা। এইবোৰ দেখিলেই এটা স্বাভাৱিক প্ৰশ্ন উত্থাপন হয়। এই সকলোবোৰ সুন্দৰ বৈচিত্ৰ্যক সংযোগ কৰা মৌলিক উপাদানটো কি? উত্তৰটো হ’ল- নিজৰ বাবে নহয় আনৰ বাবে জীয়াই থাকিব লাগে। আমাৰ দেশত কোৱা হয়, “অষ্টদশ পুৰাণশু ব্যাচ্য বাচনদ্বয়ম। পৰপকাৰ পুণ্যয় পাপায় পৰপীদনম।” অৰ্থাৎ আনৰ সেৱা কৰাটো এটা গুণ, আৰু দুখ দিয়াটো পাপ। সেৱাই পৰম ধৰ্ম; ই আমাৰ সমাজৰ অন্তৰ্নিহিত চৰিত্ৰ। প্ৰজন্মৰ পিছত প্ৰজন্মই এই মূল্যবোধৰ ধাৰাটোৱে আমাক সকলোকে উজ্জীৱিত কৰে, অনুপ্ৰাণিত কৰে আৰু শক্তিশালী কৰে। ভাৰতৰ বহু আধ্যাত্মিক আন্দোলনে অৱশেষত মানৱতাৰ সেৱাৰ জৰিয়তে নিজকে প্ৰকাশ কৰিছে। আৰ্ট অব লিভিঙৰ প্ৰতিটো প্ৰচেষ্টাতে এই সেৱাৰ মনোভাব প্ৰতিফলিত হোৱাত মই আনন্দিত হৈছোঁ। এইমাত্ৰ যিটো ভিডিঅ দেখুওৱা হল- “সেৱাই সেৱা”, ইয়াত কেৱল জনসাধাৰণৰ কল্যাণত গুৰুত্ব দিয়া হৈছে। আৰ্ট অব লিভিং যাত্ৰাৰ সৈতে জড়িত প্ৰতিজন স্বেচ্ছাসেৱকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

যিকোনো অভিযান সফল হয় যেতিয়া ই সমাজৰ শক্তিৰ দ্বাৰা সমৰ্থিত হয়। গতিকে এনে প্ৰতিটো গুৰুত্বপূৰ্ণ অভিযানৰ বাবে সমাজৰ শক্তি জাগ্ৰত কৰাটো অতি গুৰুত্বপূৰ্ণ। মই সদায় বিশ্বাস কৰি আহিছোঁ যে ৰাজনীতি আৰু চৰকাৰতকৈ সমাজ অধিক শক্তিশালী। আৰু যিকোনো চৰকাৰ তেতিয়াহে সফল হ’ব পাৰে যেতিয়া সমাজে নিজেই ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰে। উদাহৰণস্বৰূপে আমাৰ স্বচ্ছ ভাৰত অভিযান এতিয়া কেৱল চৰকাৰী কাৰ্যসূচী নহয়; বৰঞ্চ ই মানুহৰ জীৱনৰ স্বাভাৱিক অংশ হৈ পৰিছে। এতিয়া ই কেৱল সমাজৰ শক্তিৰ দ্বাৰাহে আগবাঢ়িছে।

বন্ধুসকল,

সমাজ যেতিয়া সক্ৰিয় হৈ উঠে, তেতিয়া দেশৰ ডাঙৰ ডাঙৰ প্ৰত্যাহ্বানৰ ক্ষেত্ৰতো সামূহিক সমাধান বিচাৰি উলিয়াব পৰা যায়। আৰ্ট অব লিভিং সংগঠনে এই সামাজিক শক্তিক সদায় আঁকোৱালি লোৱা দেখিবলৈ পোৱাটো অতি আনন্দদায়ক। আপোনালোক সকলোৱে উন্নয়ন কাৰ্যসূচীত সামাজিক দৃষ্টিভংগীক অধিক গুৰুত্ব দিছে। বৃক্ষৰোপণৰ অভিযানেই হওক, গ্ৰাম্য স্মাৰ্ট গাঁৱৰ কেন্দ্ৰই হওক, মহিলা আৰু জনজাতীয় সম্প্ৰদায়ক সবলীকৰণৰ কাৰ্যসূচীয়েই হওক, বা কয়দীসকলৰ মানসিক স্বাস্থ্য উন্নত কৰাৰ অভিযানেই হওক, এই সকলোবোৰ প্ৰচেষ্টাই দেশ আৰু সমাজৰ উন্নয়ন যাত্ৰাত উল্লেখযোগ্য অৰিহণা যোগায়।

বন্ধুসকল,

ইয়াত উপস্থিত থকা সকলোকে আৰু এটা কথাৰ বাবে প্ৰশংসা কৰিব বিচাৰিছোঁ- যুৱ শক্তিৰ ওপৰত তেওঁলোকৰ মনোনিৱেশ। আজিৰ পৃথিৱীত প্ৰচণ্ড পৰিৱৰ্তন ঘটিছে। প্ৰতিদিনে বিজ্ঞানে নতুন নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি আছে। নতুন নতুন উদ্ভাৱনে সমগ্ৰ অৰ্থনীতিক ৰূপান্তৰিত কৰিছে। ভাৰতে কেৱল এই পৰিৱৰ্তনত অংশগ্ৰহণ কৰাই নহয়, বহু ক্ষেত্ৰত আগবাঢ়ি আছে। আমাৰ ডিজিটেল বিপ্লৱে ভাৰতক ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তুলিছে। আজি আন্তঃগাঁথনি অভূতপূৰ্ব গতিৰে আৰু ভৱিষ্যতৰ দৃষ্টিভংগীৰে আগবাঢ়িছে। ভাৰত দ্ৰুতগতিত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ হিচাপে পৰিগণিত হৈছে। আমাৰ যুৱক-যুৱতীসকলে মহাকাশলৈ উপগ্ৰহ প্ৰেৰণ কৰিছে। দেশৰ এই সকলোবোৰ সাফল্যৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে আমাৰ যুৱক-যুৱতী আৰু আৰ্ট অব লিভিং। আজিৰ আধুনিক যুগৰ প্ৰত্যাহ্বানৰ সমাধান বিচাৰি যুৱক-যুৱতীসকলক গুৰুদেৱ আৰু আৰ্ট অব লিভিঙে বহুখিনি সহায় কৰিছে।

বন্ধুসকল,

আজি প্ৰযুক্তিৰ কৃপাত দূৰৈত বসবাস কৰা মানুহে ইজনে সিজনৰ লগত নিমিষতে সংযোগ স্থাপন কৰিছে। কিন্তু এইটো অতি প্ৰয়োজনীয় যে আমি পৃথিৱীৰ সৈতে সংযোগ স্থাপন কৰোঁ বা নকৰোঁ, আমি নিজৰ সৈতে সংযোগ স্থাপন কৰিব লাগে। আৰু নিজৰ সৈতে সংযোগ স্থাপনৰ এই ক্ষমতা, সেয়া বীজ সিঁচাই হওক, লালন-পালন কৰাই হওক, বা শক্তিশালী কৰাই হওক, এই মহান পৰম্পৰাই সম্ভৱ কৰি তুলিছে। এখন বিকশিত ভাৰত গঢ়ি তুলিব পাৰে মানসিকভাৱে শান্ত, সামাজিকভাৱে দায়বদ্ধ, সমাজৰ প্ৰতি সংবেদনশীল যুৱক-যুৱতীসকলে। গতিকে আধ্যাত্মিক সুস্থতা, মানসিক স্বাস্থ্য, যোগাসন আৰু ধ্যান-ধাৰণাৰ ওপৰত আপোনাৰ গুৰুত্বপূৰ্ণ কাৰ্য্যকলাপ আৰু অনুৰূপ ক্ষেত্ৰত কাম কৰা অন্যান্য সংস্থাসমূহে এই সকলোবোৰতেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে প্ৰতিষ্ঠানে মানুহৰ মাজত সংযোগ, অন্তৰ্নিহিত হৈ থকা আৰু সামূহিক দায়িত্ববোধক শক্তিশালী কৰে। তদুপৰি এনে অনুষ্ঠানসমূহে মানুহক নিজৰ সংস্কৃতি শিকিবলৈ আৰু বুজিবলৈ সুযোগ প্ৰদান কৰে। মোৰ বিশ্বাস যে আজি উদ্বোধন কৰা ধ্যান মন্দিৰটো হাজাৰ হাজাৰ মানুহৰ বাবে, আগন্তুক প্ৰজন্মৰ বাবে শান্তি আৰু নিৰাময়ৰ কেন্দ্ৰ হৈ পৰিব।

বন্ধুসকল,

আপোনালোক সকলোৱে পৰম উদ্যমেৰে দেশ আৰু সমাজৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰি আছে। কিন্তু যেতিয়াই তোমালোকৰ মাজলৈ আহোঁ তেতিয়াই দুই-এটা অনুৰোধ নকৰাকৈ থাকিব নোৱাৰোঁ। মই কথা কোৱাৰ আগতেই গুৰুজীয়ে ঘোষণা কৰিলে যে তেওঁ আপোনালোকৰ নটা অনুৰোধ মানি লৈছে, গতিকে ক’বলৈ একো বাকী নাথাকিল, কিন্তু অভ্যাসটো নাইকিয়া হৈ নাযায়। ভাৰতৰ সামগ্ৰিক বিকাশৰ বাবে বহু স্তৰত সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন। আৰ্ট অব লিভিঙৰ দৰে সংস্থাই উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে আৰু এই পৰিৱৰ্তনৰ ৰক্ষক হ’বলৈ আমাক শক্তিশালী কৰিব পাৰে। আপোনালোকৰ বহুতেই কৃষক আৰু গ্ৰাম্য জনগোষ্ঠীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে। আনকি ছবিত দেখুওৱাৰ দৰে কৃষকসকলক প্ৰাকৃতিক কৃষিৰ সৈতে সংযোগ কৰিবলৈ অধিক প্ৰচেষ্টাৰ প্ৰয়োজন। আজি অসুস্থতা হৈও মানুহে প্ৰাকৃতিক নিৰাময় বিচাৰিছে, আমাৰ ধৰিত্ৰী মাতৃকো প্ৰাকৃতিক নিৰাময়ৰ প্ৰয়োজন। ৰাসায়নিক সাৰে আমাৰ পথাৰ, আমাৰ ধৰিত্ৰী মাতৃক ধ্বংস কৰি পেলাইছে। আমাৰ ধৰিত্ৰী মাতৃক ৰাসায়নিক পদাৰ্থৰ পৰা ৰক্ষা কৰাটোও জীৱনৰ কলা। “এক পেড মা কে নাম” অভিযানৰ ব্যাপক সম্প্ৰসাৰণত আপুনিও ব্যাপক অৰিহণা যোগাব পাৰে, ইয়াক আৰু অধিক সম্প্ৰসাৰণ কৰিব পাৰে। পৰিৱেশ ৰক্ষা কৰাটোও একপ্ৰকাশ আৰ্ট অব লিভিং। আমি পৰিৱেশ আৰু অৰ্থনীতি পৃথক কৰিব নোৱাৰো। কিন্তু “ড্ৰপ মোৰ ক্ৰপ “ৰ জৰিয়তে কৃষকসকলক পানী কেনেকৈ সুদক্ষভাৱে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে শিকোৱা হৈছে। আপোনালোকৰ সমৰ্থনে আৰু এইক্ষেত্ৰত উন্নত ফলাফল দিব। প্ৰতিটোপাল পানী সঞ্চয় কৰাটোও একপ্ৰকাৰ জীয়াই থকাৰ কলা। কেইসপ্তাহমানৰ পাছত বাৰিষা আহিব। পানী সংৰক্ষণৰ বিষয়ে ব্যাপক সজাগতা বিয়পোৱাৰ বাবে এইটোৱেই উপযুক্ত সময়। একেদৰে বিদ্যুৎ ৰাহি কৰা, এবাৰ ব্যৱহাৰ্য প্লাষ্টিক পৰিহাৰ কৰা, স্থানীয় সামগ্ৰীৰ প্ৰচাৰ-প্ৰসাৰ আদি সকলো আৰ্ট অব লিভিঙেই। আজি দেশত মিছন লাইফতো গুৰুত্ব দিয়া হৈছে। এয়া অধিক দায়িত্ব আৰু সজাগতাৰে জীৱন যাপনৰ এক সক্ৰিয় অভিযান। ইয়াত প্ৰকৃতিৰ সৈতে ভাৰসাম্য ৰক্ষা কৰা জীৱনশৈলী গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। আৰু মোৰ মতে মিছন লাইফো জীৱন কলাৰ প্ৰকাশ। মোৰ বিশ্বাস যে আগন্তুক দিনত আপোনালোকে সদায় কৰি অহাৰ দৰে আৰ্ট অব লিভিঙৰ বিভিন্ন দিশৰ সম্প্ৰসাৰণ আৰু বিকাশ কৰিব। সমাজৰ এক বহল শ্ৰেণীক সংযোগ কৰিবলৈ আপুনি অধিক অগ্ৰাধিকাৰ দিব, আৰু আমি যেতিয়া গুৰুজীৰ শতবাৰ্ষিকী উদযাপন কৰিম, তেতিয়া আমি এই সকলোবোৰ লক্ষ্যত উপনীত হম। পুনৰ এবাৰ শ্ৰীশ্ৰী ৰবিশংকৰজীলৈ, গুৰুদেৱলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰ্ট অব লিভিং পৰিয়ালৰ প্ৰতিজন স্বেচ্ছাসেৱকক তেওঁলোকৰ সেৱাৰ মনোভাব আৰু নিষ্ঠাৰ বাবে আন্তৰিক অভিনন্দন জনাইছোঁ। আকৌ এবাৰ আপোনালোক সকলোৱে মোক ইয়াত আপোনালোকৰ মাজত থাকিবলৈ, এই পবিত্ৰ পৰিৱেশত কেইটামান মুহূৰ্ত কটাবলৈ, পদুমৰ ছত্ৰছায়াত চিন্তা কৰাৰ সুযোগ দিছে। ইয়াৰ বাবে মই আকৌ এবাৰ আপোনালোকক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। জয় গুৰুদেৱ।

 

***

 

MJPS/SS/ST/DK/KD