পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত সেউজ শক্তি কৰিড’ৰ তৃতীয় পৰ্যায়ৰ আঁচনিখনত অনুমোদন জনোৱা হয়।এই ঐতিহাসিক পদক্ষেপৰ জৰিয়তে ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত আন্তঃৰাজ্যিক নহয়, ৰাজ্যভিত্তিক বিদ্যুৎ সঞ্চালন ব্যৱস্থা শক্তিশালী কৰা হ’ব, যাতে সৰ্বাধিক ১৩৫ গিগাৱাট পৰ্যন্ত নবীকৰণযোগ্য শক্তি বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সংবহন কৰিব পৰা যায়।আঁচনিখনৰ অধীনত ৫০ গিগাৱাট-ঘণ্টা ক্ষমতাৰ বেটাৰীভিত্তিক শক্তি সংৰক্ষণ ব্যৱস্থা স্থাপন কৰাৰ ব্যৱস্থাও কৰা হৈছে।এই শক্তি সংৰক্ষণ ব্যৱস্থা নবীকৰণযোগ্য শক্তি উৎপাদকৰ স্থানত অথবা বিদ্যুৎ গ্ৰিডৰ নমনীয়তা বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ আন স্থানত স্থাপন কৰা হ’ব।ইয়াৰ জৰিয়তে নবীকৰণযোগ্য শক্তিৰ উৎপাদনত হোৱা অনিয়মিত যোগান, বিদ্যুৎ সঞ্চালন ব্যৱস্থাত সৃষ্টি হোৱা যানজঁট, শীৰ্ষ চাহিদাৰ সময়ত বিদ্যুৎ উৎপাদন হ্ৰাস কৰা আৰু সৌৰশক্তি উৎপাদন নোহোৱা সময়ৰ বিদ্যুতৰ চাহিদা পূৰণৰ দৰে সমস্যাসমূহ মোকাবিলা কৰাত সহায় হ’ব।আঁচনিখনে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত বিদ্যুৎ গ্ৰিডৰ সৈতে নবীকৰণযোগ্য শক্তিৰ সংযোগ আৰু উৎপাদিত বিদ্যুৎ সঞ্চালন অধিক সুগম কৰিব।এই আঁচনিখন ২০৩২-৩৩ বিত্তীয় বৰ্ষৰ ভিতৰত ৰূপায়ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।আঁচনিখনৰ মুঠ প্ৰকল্প ব্যয় ১,৮৬,৪০৫ কোটি টকা।ইয়াৰে ১,৩৬,৩৭৮ কোটি টকা ৰাজ্যভিত্তিক বিদ্যুৎ সঞ্চালন ব্যৱস্থা উন্নয়নৰ বাবে আৰু ৫০,০০০ কোটি টকা ৫০ গিগাৱাট-ঘণ্টা ক্ষমতাৰ বেটাৰীভিত্তিক শক্তি সংৰক্ষণ ব্যৱস্থাৰ বাবে ব্যয় কৰা হ’ব।আঁচনিখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে মুঠ ৫৪,০৮২ কোটি টকাৰ আৰ্থিক সহায় আগবঢ়াব।এই কেন্দ্ৰীয় আৰ্থিক সহায়ে ৰাজ্যভিত্তিক বিদ্যুৎ সঞ্চালনৰ মাচুলৰ বোজা হ্ৰাস কৰাত সহায় কৰিব।ফলত বিদ্যুতৰ ব্যয় নিয়ন্ত্ৰণত ৰখাত সহায় হ’ব।চৰকাৰৰ এই সহায়ৰ সুফল অৱশেষত দেশৰ সাধাৰণ নাগৰিক তথা বিদ্যুৎ গ্ৰাহকসকলে লাভ কৰিব।ৰাজ্যভিত্তিক বিদ্যুৎ সঞ্চালন ব্যৱস্থাৰ অংশ হিচাপে গ্ৰহণ কৰা সকলো নতুন প্ৰকল্প প্ৰতিযোগিতামূলক মাচুলভিত্তিক নিবিদা পদ্ধতিৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব।আনহাতে, বৰ্তমানৰ বিদ্যুৎ সঞ্চালন ব্যৱস্থাৰ উন্নীতকৰণ আৰু নেটৱৰ্ক শক্তিশালী কৰাৰ কাম ব্যয়ভিত্তিক পদ্ধতিৰে সম্পন্ন কৰা হ’ব।ৰাজ্যিক বিদ্যুৎ সঞ্চালন সংস্থাসমূহে সামগ্ৰিক ৰূপায়ণকাৰী সংস্থা হিচাপে দায়িত্ব পালন কৰিব।বিদ্যুৎ সঞ্চালন সেৱা প্ৰদানকাৰীসকলে প্ৰতিযোগিতামূলক মাচুলভিত্তিক নিবিদা পদ্ধতিৰ অধীনত নিৰ্মাণ, মালিকানা, পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ আৰ্হিত অংশগ্ৰহণ কৰিব।এই আঁচনিখনে ২০৩৫ চনৰ ভিতৰত ৯০০ গিগাৱাট স্থাপিত অজীৱাশ্ম শক্তি উৎপাদন ক্ষমতা লাভৰ লক্ষ্য পূৰণত সহায় কৰিব।আঁচনিখনে দেশৰ দীৰ্ঘম্যাদী শক্তি সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।ইয়াৰ লগতে কাৰ্বন নিৰ্গমনৰ পৰিমাণ হ্ৰাস কৰি পৰিৱেশগতভাৱে বহনক্ষম উন্নয়নক উৎসাহিত কৰিব।এই আঁচনিখনৰ জৰিয়তে বিদ্যুৎ খণ্ড, উৎপাদন উদ্যোগ আৰু নিৰ্মাণ উদ্যোগত বৃহৎ পৰিমাণে প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টি হ’ব।বেটাৰীভিত্তিক শক্তি সংৰক্ষণ ব্যৱস্থাৰ নিৰ্মাণ আৰু স্থাপনৰ ফলত দেশীয় শক্তি সংৰক্ষণ উদ্যোগতো অতিৰিক্ত নিয়োগৰ সুযোগ সৃষ্টি হ’ব।ইয়াৰ উপৰি, অংশগ্ৰহণকাৰী ৰাজ্যসমূহত বিদ্যুৎ ব্যৱস্থাৰ পৰিচালনা, ৰক্ষণাবেক্ষণ আৰু বিদ্যুৎ গ্ৰিড ব্যৱস্থাপনাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী দক্ষতাভিত্তিক নিয়োগৰ সুযোগ সৃষ্টি হ’ব।
****
MJPS/DM