পি এম ইণ্ডিয়া
মাননীয় ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশ্বেঙ্কু মহোদয়,
মিডিয়াৰ বন্ধুসকল,
মই ৰাষ্ট্ৰপতি লুকাশ্বেঙ্কু মহোদয়ক ভাৰতত আদৰিবলৈ পাই সুখী হৈছো। দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্ত্তত তেওঁ এই ভ্ৰমণসূচী হাতত লৈছে।
ইয়াৰ আগতেও ১৯৯৭ আৰু ২০০৭ চনত আমি লুকাশ্বেঙ্কু মহোদয়ক ভাৰতত আদৰিবলৈ পাই ধন্য হৈছিলো। মই আশা কৰিছো, এই ভ্ৰমণকালত মহোদয়ে ইতিমধ্যে ভাৰতত হোৱা পৰিৱৰ্তনসমূহ প্ৰত্যক্ষ কৰিব।
আজি আমাৰ আলোচনা ভিন্নমূখী তথা ভৱিষ্যতমূখী আছিল। আলোচনাত আমাৰ আঢ়ৈ দশকৰো অধিক পুৰণি সম্পৰ্কৰ উষ্মতাৰ প্ৰভাৱ আছিল। আঞ্চলিক আৰু বিশ্বৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আমি কথা পাতিছো। আমাৰ সম্পৰ্কৰ গঠনৰ বিষয়েও আমি কথা পাতিছো।ভৱিষ্যতে এই সম্পৰ্কক অধিক প্ৰসাৰৰ বাবে আমি আগ্ৰহী। আমি সকলো ক্ষেত্ৰতে সহযোগিতা কৰাৰ ক্ষেত্ৰত আলোচনা কৰাৰ পক্ষপাতী।
মই দেখিছো যে আমাৰ জনতাৰ উপকাৰ হোৱাকৈ দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক আগুৱাই লৈ যাবলৈ ৰাষ্ট্ৰপতি লুকাশ্বেঙ্কু মহোদয়ো আমাৰ সমানেই আগ্ৰহী।
আমি বিভিন্ন অৰ্থনৈতিক সম্পৰ্ক সমূহক অধিক তৎপৰ কৰি তোলাত গুৰুত্ব দিম।স্বাভাৱিকভাৱে আমি ইখনে সিখন দেশৰ পৰিপূৰক হৈ উঠাত মনোযোগ দিম।
আমাৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহে ক্ৰেতা-বিক্ৰেতাৰ সম্পৰ্কৰ উৰ্দ্ধলৈ গৈ গভীৰতৰ সম্পৰ্ক স্থাপনত গুৰুত্ব দিব লাগিব। ফাৰ্মাচিটিকেল, তেল আৰু গেছ, গধুৰ সা-সৰঞ্জাম আদি বিভিন্ন ক্ষেত্ৰত ব্যৱসায় আৰু বিনিয়োগ কৰিব পৰা বহু সুবিধা আছে।যোৱা বছৰ ভাৰতীয় ব্যৱসায় প্ৰতিষ্ঠানে ফাৰ্মাচিটিকেলৰ ক্ষেত্ৰত তিনিটাকৈ যুটীয়া প্ৰতিষ্ঠান আৰম্ভ কৰি এক যোগাত্মক পৰিৱেশৰ সূচনা কৰিছে।
টায়াৰ, কৃষিৰ সা-সঁজুলি, কয়লা খনিৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি আদি নিৰ্মাণৰ ক্ষেত্ৰত অংশীদাৰিত্বৰ সম্ভৱনীয়তা আছে।একেদৰে ভাৰতত নিৰ্মাণ-কাৰ্যৰ প্ৰয়োজনীয় সা-সঁজুলিৰ চাহিদা বাঢ়ি আহিছে আৰু বেলাৰুছৰ ঔদ্যোগিক শক্তি আছে।
‘মে’ক ইন ইণ্ডিয়া’ আঁচনিৰ জৰিয়তে আমি সুৰক্ষা ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি নিৰ্মাণৰ ক্ষেত্ৰত যুটীয়া উন্নয়নক গুৰুত্ব দিম।২০১৫ চনতে ভাৰতে বেলাৰুছৰ বিশেষ প্ৰকল্পলৈ আগবঢ়োৱা ১০০ মিলিয়ন আমেৰিকান ডলাৰৰ ব্যৱহাৰ কৰাৰ কথা আলোচনা কৰিছো।
ভাৰত আৰু বেলাৰুছ ‘ইউৰেছিয়ান ইক’ন’মিক ইউনিয়ন’ আৰু ‘ইন্টাৰনেশ্যনেল নৰ্থ চাউথ ট্ৰান্সপোৰ্ট কৰিডৰ’ আদি বহুদেশিক অৰ্থনৈতিক সম্পৰ্কৰে সম্পৰ্কিত। ভাৰতে ‘ইউৰেছিয়ান ইক’ন’মিক ইউনিয়ন’ৰ লগত মুক্ত বাণিজ্য অৰ্থনীতিৰ কথা আলোচনা কৰি আছে।
বন্ধুসকল,
আমাৰ দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰিবৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ অৱদান অনস্বীকাৰ্য।এই ক্ষেত্ৰত আমাৰ সম্পৰ্ক অতি পুৰণি।
বতৰ-বিজ্ঞান আৰু ধাতৱ বিজ্ঞান, ক্ষূদ্ৰ ধাতু বিজ্ঞান, জৈৱ আৰু চিকিৎসা বিজ্ঞান, ৰসায়ন আৰু অভিযান্ত্ৰিক আদি ক্ষেত্ৰত উদ্ভাৱনা আৰু বাণিজ্যিকৰণত গুৰুত্ব দিয়া হৈছে।এই প্ৰক্ৰিয়াত আমি যুৱ-প্ৰজন্মৰ অংশ গ্ৰহণ আশা কৰিছো।
আমি বেলাৰুছৰ প্ৰযুক্তি প্ৰদৰ্শন কৰিব পৰা কেন্দ্ৰ ভাৰতত স্থাপন কৰাৰ দিহা কৰিছো।
উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা ভাৰত আৰু বেলাৰুছৰ সম্পৰ্কৰ প্ৰধান লক্ষ্য। ভাৰতৰ প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত বেলাৰুছে সক্ৰিয়ভাৱে অংশ লৈছে।
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ দুয়োখন দেশেই পাৰস্পৰিক আগ্ৰহ থকা দিশত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে।
ভাৰত আৰু বেলাৰুছে বিভিন্ন ক্ষেত্ৰত একেলগ হৈ পাৰস্পৰিক সহযোগিতা আগবঢ়াই যাব।
বন্ধুসকল,
ৰাষ্ট্ৰপতি লুকাশ্বেঙ্কু মহোদয় আৰু মই আমাৰ জনতাৰ মাজত থকা সাংস্কৃতিক সম্পৰ্কৰ ঐশ্বৰ্যশালী বুৰঞ্জীৰ বিষয়ে আলোচনা কৰিছো আৰু মই জানিবলৈ পাই অতি সুখী হৈছেো যে বহু বেলাৰুছী জনতাৰ ভাৰতৰ সংস্কৃতি, খাদ্যাভ্যাস, চলচিত্ৰ, সংগীত, নৃত্য, যোগ আৰু আয়ুৰ্বেদৰ প্ৰতি সক্ৰিয় আগ্ৰহ আছে।
মই দুয়োখন দেশৰ মাজত পৰ্যটন তথা ব্যক্তিগত সম্পৰ্ক গঢ়ি তোলাৰ বিপুল সম্ভাৱনীয়তা দেখিবলৈ পাইছো যি আমাৰ দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰিব।
সামৰণিত মই ৰাষ্ট্ৰপতি লুকাশ্বেঙ্কু মহোদয়ক আমাৰ সন্মানীয় অতিথি হৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।আজি হৈ যোৱা আলোচনাসমূহ কাৰ্যত ৰূপায়ণ কৰিবৰ বাবে ভাৰত আৰু বেলাৰুছে লগ হৈ কাম কৰি যাব। মই ৰাষ্ট্ৰপতি লুকাশ্বেঙ্কু মহোদয়ৰ ভাৰতত কটোৱা কালছোৱা স্মৰণীয় হোৱাটো কামনা কৰিছো।
ধন্যবাদ।
****
AKT/HS/SK
Held extensive talks on deepening cooperation with Belarus with President Alexander Lukashenko. pic.twitter.com/HZiN0BgK07
— Narendra Modi (@narendramodi) September 12, 2017
Discussed closer India-Belarus ties in key areas including commerce, pharmaceuticals, skill development, science & people to people ties.
— Narendra Modi (@narendramodi) September 12, 2017
Sharing my remarks at the joint press meeting with President Alexander Lukashenko. https://t.co/wUPaCGeOt3
— Narendra Modi (@narendramodi) September 12, 2017