Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ


সদ্য সমাপ্ত নিৰ্বাচনত বিজয়ী হোৱা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত বৰিছ জনছনক টেলিফোনযোগে অভিনন্দন জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰীযুত জনছনক জনায় যে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নিৰ্বাচিত হোৱাটোৱে তেওঁৰ লগতে কনজাৰভেটিভ দলৰ প্ৰতি ব্ৰিটেইনবাসীৰ বিশ্বাসকে প্ৰতিপন্ন কৰিছে৷

নিজৰ লগতে ভাৰতবাসীৰ সৈতে শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে আস্থাৰে কয় যে তেওঁৰ নেতৃত্বত ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ কৌশলগত সহযোগিতা আৰু অধিক শক্তিশালী হ’ব৷

শ্ৰীযুত বৰিছ জনছনে প্ৰধানমন্ত্ৰীক তেওঁৰ শুভেচ্ছাৰ বাবে ধন্যাবাদ জ্ঞাপন কৰে৷ তেৱোঁ ভাৰত-ব্ৰিটেইনৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰীযুত জনছনক সূবিধা অনুসৰি সোনকালেই ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়৷ তেওঁ প্ৰধানমন্ত্ৰীৰ নিমন্ত্ৰণ গ্ৰহণ কৰে৷

*******

VRRK/SH/AK/DB