Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা এণ্ডী বাৰ্ণহামক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা এণ্ডী বাৰ্ণহামক অভিনন্দন জ্ঞাপন কৰে।

ভাৰত আৰু ব্ৰিটেইন উমৈহতীয়া গণতান্ত্ৰিক মূল্যবোধৰ এনাজৰীৰে বান্ধ খাই আছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত দুয়ো দেশৰে মাজত ব্যাপক সহযোগিতা আছে। চলিত মাহত চি ই টি এ কাৰ্যকৰী হোৱাৰ লগে লগে দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু অধিক শক্তিশালী হোৱাৰ দিশে আগবাঢ়িছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ভাৰত-ব্ৰিটেইনৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ লগতে ২০৩৫ ৰ উমৈহতীয়া লক্ষ্যক আগুৱাই নিয়াৰ বাবে তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ

“ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা এণ্ডী বাৰ্ণহামক আন্তৰিক অভিনন্দন জনাইছো।

ভাৰত আৰু ব্ৰিটেইন অংশীদাৰী গণতান্ত্ৰিক মূল্যবোধৰ এনাজৰীৰে বান্ধ খাই থকাৰ লগতে বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত দুয়োখন দেশৰে মাজত ব্যাপক সহযোগিতা আছে। চলিত মাহত চি ই টি এ কাৰ্যকৰী হোৱাৰ লগে লগে আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু অধিক শক্তিশালী হ’বলৈ সাজু হৈছে।

মই ভাৰত-ব্ৰিটেইনৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ লগতে আমাৰ উমৈহতীয়া ভিজন ২০৩৫ ত্বৰান্বিত কৰাৰ বাবে আপোনালোকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।

@andyburnham”

***

MJPS/SS/PRK/DD