পি এম ইণ্ডিয়া
উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত অহা ২৯ফেব্ৰুৱাৰী, ২০২০ত অনুষ্টিতব্য এক বিশাল সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগজনৰ মাজত দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী আৰু সহযোগিতাসা-সঁজুলী বিতৰণ কৰিব। ‘ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা’(আৰভিওৱাই) আৰু ‘এডিআইপি’ আঁচনিৰ অধীনত এইসমূহ সামগ্ৰীৰ বিতৰণ কৰা হ’ব।হিতাধিকাৰীসকলৰ সংখ্যাৰ ভিত্তিত এই সমাৰোহ দেশত এই পৰ্যন্ত অনুষ্ঠিত এনেধৰণ সামগ্ৰী বিতৰণ সম্পৰ্কীয় সৰ্ববৃহত মেলা হিচাপে চিহ্নিত হ’ব বুলি আশা কৰা হৈছে।
এই মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগা ২৬,০০০ৰো অধিক হিতাধিকাৰীৰ মাজত ৫৬,০০০ৰো অধিক সহযোগিতা সামগ্ৰী আৰু সা-সঁজুলী বিতৰণ কৰাৰ দিহা কৰা হৈছে। এইসমূহ সামগ্ৰীত ১৯কোটিৰো অধিক টকা ব্যয় কৰা হ’ব।
দিব্যাংগসকলৰ লগতে বয়োজ্যেষ্ঠ নাগৰিকসকলৰ দৈনন্দিন জীৱনত স্বস্তি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ আৰ্থ-সামাজিক বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰেই এইসমূহ সা-সামগ্ৰী বিতৰণৰ দিহা কৰা হৈছে।
VRRK/SH/KB
Tomorrow’s Samajik Adhikarta Shivir at Prayagraj will be among the biggest such camps for senior citizens, Divyang sisters & brothers. Assistive Aids and Devices would distributed. It is a part of our efforts to ensure a better quality of living for them. https://t.co/79jCoydo1v
— Narendra Modi (@narendramodi) February 28, 2020