Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বৰ্তমানৰ সংসদ অধিৱেশনে নতুন দশকত দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটি গঢ়া উচিতঃ প্ৰধানমন্ত্ৰীয়ে কয়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ সদস্যসকলক নতুন দশকত দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটি গঢ়িবলৈ আহ্বান জনায়৷

সংসদত আজিৰে পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনৰ পূ্ৰ্বে প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত পৰম্পৰাগত বিবৃতি আগবঢ়াই কয় যে এই অধিৱেশনত দেশৰ অৰ্থনৈতিক বিষয়ৰ ওপৰত বিস্তৃত আলোচনা হোৱা উচিত আৰু বৰ্তমানৰ গোলকীয় অৰ্থনৈতিক প্ৰেক্ষাপটত ভাৰত কিদৰে সৰ্বাধিকভাৱে উপকৃত হ’ব পাৰে, সেই সন্দৰ্ভত সকলোৱে আলোচনা কৰিব লাগে৷

“আমি এই অধিৱেশনত অৰ্থনৈতিক বিষয়ৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা উচিত আৰু বৰ্তমানৰ গোলকীয় অৰ্থনৈতিক প্ৰেক্ষাপটত ভাৰত কিদৰে সৰ্বাধিকভাৱে উপকৃত হ’ব পাৰে আৰু ইয়ে দেশৰ অৰ্থনীতিক কিদৰে আগুৱাই নিব পাৰে, তাৰ ওপৰত মনোনিৱেশ কৰিব লাগে৷”

সংসদৰ উভয় সদনত বিস্তৃত আলোচনাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ সৱলীকৰণৰ ওপৰতো সকলোৱে ধ্যান দিয়া উচিত৷

“সকলো অৱহেলিত শ্ৰেণী আৰু মহিলাৰ সৱলীকৰণৰ বাবে আমাৰ চৰকাৰক বিশেষভাৱে জনা যায়৷ এইটো দশকতো আমি এই দিশত কাম কৰি যোৱা উচিত৷ মই আশা কৰিছো যে উভয় সদনে অৰ্থনৈতিক বিষয় আৰু জনসাধাৰণৰ সৱলীকৰণলৈ সুস্থ আলোচনা কৰিব৷ এই আলোচনাই আমাক সকলোকে আলোকিত আৰু সমৃদ্ধিশালী কৰিব বুলি মই আশাবাদী৷’,—প্ৰধানমন্ত্ৰীয়ে কয়৷

VRRK/KP/MS