পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পাছত শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথমবাৰলৈ গৃহ চহৰ ভাদনগৰ ভ্ৰমণ কৰে।
এই উপলক্ষে চহৰখনৰ আবাসীয়ে প্ৰধানমন্ত্ৰীক অভূতপূৰ্ব আদৰণী জনায়। তেওঁ হাটকেশ্বৰ মন্দিৰতো পূজা অৰ্চনা কৰে। তদুপৰি, তেওঁ বাল্যকালত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনতো ক্ষন্তেক দৰ্শন কৰে।
ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে ভাদনগৰস্থিত জিএমইআৰএছ মেডিকেল পৰিদৰ্শন কৰাৰ লগতে এখন উচৰ্গিত ফলকো উন্মোচন কৰে। তেওঁ তাত অধ্যয়ণৰত শিক্ষাৰ্থীসকলৰ সৈতেও বাৰ্তালাপত মিলিত হয়।
আনহাতে, এখনি ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে ক্ষীপ্ৰতাৰে সমগ্ৰ শিশু আৰু মাতৃৰ টীকাকৰণ কৰিব পৰাকৈ সংবৰ্ধিত মিচন ই্দ্ৰধনুষ আঁচনিৰ শুভাৰম্ভ কৰে। ইয়াৰ দ্বাৰা নগৰাঞ্চল আৰু অন্যান্য নিম্ন হাৰৰ টীকাকৰণ হোৱা অঞ্চলসমূহ সামৰি লোৱা হ’ব। প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য কৰ্মীৰ সহায়ক হোৱাকৈ নিৰ্মাণ কৰা ‘ইমটেকো’ৰ শুভাৰম্ভ কৰাৰ লগতে আশাকৰ্মীসকলক ই-টেবলেট বিতৰণ কৰে। প্ৰধানমন্ত্ৰী অনুষ্ঠানতে কেইবাটাও উন্নয়নমুলক আঁচনিৰ কাম শুভাৰম্ভ কৰে।
উদ্যমী ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে কোনোবাই নিজ গৃহ চহৰলৈ ঘুৰি আহোতে এনেধৰণৰ আদৰণী পোৱাটোৱে সদায় বিশেষ আমেজ দিয়ে। মই আজি যিয়েই নহওঁ কিয়, সেয়া এই ভূমিৰ অৱদান, ভাদনগৰবাসীৰ মাজত গ্ৰহণ কৰা শিক্ষাই আজি মোক এই অৱস্থাত উপনীত কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়।
ভাদনগৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে আপোনালোকৰ আশীৰ্বাদ লৈ মই ঘুৰি যাম, মই আশ্বাস দিছো আপোনালোকৰ আৰ্শীৰ্বাদ লৈ যাতে দেশৰ বাবে ইয়াতকৈও কঠোৰ পৰিশ্ৰম কৰিব পাৰো।
প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্যখণ্ডৰ সৈতে জড়িত আঁচনি, বিশেষকৈ সংবৰ্ধিত মিচন ইন্দ্ৰধনুষৰ শুভাৰম্ভ কৰিবলৈ পাই সুখী অনুভৱ কৰে। তেওঁ উল্লেখ কৰে যে চৰকাৰে ষ্টেণ্টৰ দাম কিদৰে কম কৰিলে আৰু দুখীয়া লোকসকলৰ উপকাৰ হোৱাকৈ স্বাস্থ্যৰ জড়িত সকলো সামগ্ৰী সুলভ মুল্যত প্ৰদানৰ বাবে চৰকাৰে ধাৰাবাহিকভাৱে কাম কৰি আহিছে বুলি কয়।
মেডিকেল কলেজৰ শিক্ষাৰ্থীসকলৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে কয় যে এখন সমাজে সেইসকলক চিকিৎসকক বিচাৰে, যিসকলে জনসাধাৰণৰ সেৱা কৰে।
***
AKT/HS/DB
Coming back to one's home town and receiving such a warm welcome is special. Whatever I am today is due to the values I have learnt on this soil, among you all in Vadnagar: PM @narendramodi pic.twitter.com/Ko9nR5I1ir
— PMO India (@PMOIndia) October 8, 2017
I go back with your blessings and assure you that I will work even harder for the nation: PM @narendramodi to the people of Vadnagar pic.twitter.com/9hWUprRcT3
— PMO India (@PMOIndia) October 8, 2017
I am happy that I have got to inaugurate projects relating to the health sector, particularly Intensified Mission Indradhanush: PM @narendramodi
— PMO India (@PMOIndia) October 8, 2017
We brought prices of stents down. Work is constantly being done to make healthcare affordable for the poor: PM @narendramodi
— PMO India (@PMOIndia) October 8, 2017
Today I met youngsters from a medical college. We as a society require more doctors who can serve people: PM @narendramodi pic.twitter.com/zYH2XApx6f
— PMO India (@PMOIndia) October 8, 2017