Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতত যুটীয়াভাৱে বৈশ্বিক উদ্যমিতা সন্মিলন-২০১৭(জিইএছ-২০১৭) অনুষ্ঠিত কৰিবলৈ ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত স্বাক্ষৰিত চুক্তিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰতত যুটীয়াভাৱে ২০১৭ বৰ্ষৰ বৈশ্বিক উদ্যমিতা সন্মিলন (জিইএছ) অনুষ্ঠিত কৰিবলৈ ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত স্বাক্ষৰিত পূৰ্বপ্ৰস্তাৱিত চুক্তিত অনুমোদন জনায়। এই বুজাবুজি চুক্তিখনত সন্মিলনখন সুস্থভাৱে আয়োজন আৰু পৰিচালনা কৰাৰ বাবে দুয়োপক্ষৰ মাজত দায়িত্ব, সহযোগিতা ইত্যাদিৰ সন্দৰ্ভত স্পষ্টকৈ উল্লেখ আছে।

এই বৈশ্বিক সন্মিলনত বিশ্বৰ বৃহৎ বৃহৎ উদ্যোগ প্ৰতিষ্ঠানৰ উদ্যোগী আৰু বিনিয়োগকাৰীসকলৰ মাজত সংযোগ স্থাপন আৰু যোগাযোগ কৰাৰ এক বিশেষ সুযোগ লাভ কৰে। বিশেষকৈ, উদীয়মান উদ্যোগীসকলৰ বাবে অর্থনৈতিক সুযোগ-সুবিধাক কামত লগোৱাৰ ক্ষেত্রত এই বৈশ্বিক সন্মিলন হ’ল এক বিশেষ মঞ্চ। পৰৱৰ্তী সময়তো মহিলা উদ্যোগী আৰু প্রান্তিক গোষ্ঠীসমূহৰ বাবে এই সন্মিলনে এক বিশেষ সুযোগ প্ৰদান কৰিব।

পটভূমিঃ

২৮-৩০ নৱেম্বৰত হায়দৰাবাদত জিইএছ-২০১৭ অনুষ্ঠিত হয়। এই সন্মিলনত বিশ্বৰ ১৫০ খন দেশৰ মাল্টিনেচনেল কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, নীতি নিৰ্ধাৰক আৰু চৰকাৰী বিষয়াসহ ১৫০০তকৈও অধিক পঞ্জীয়কৃত প্ৰতিনিধি উপস্থিত থাকে।

২০১৬ চনৰ ৭ জুনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু তদানিন্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ মাজত অনুষ্ঠিত বৈঠকত স্বাক্ষৰিত এখনি যুটীয়া ঘোষণাপত্ৰৰ জৰিয়তে ভাৰতত ২০১৭ বৰ্ষত অষ্টম জিইএছ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। পুনৰ ২০১৭ৰ ২৫-২৭জুনত প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণৰ সময়ত ভাৰতত অনুষ্ঠিত জিইএছলৈ মাৰ্কিন প্ৰতিনিধি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা তথা তেওঁৰ সূযোগ্য কন্যা শ্ৰীমতী ইভানকা ট্ৰাম্পক নিমন্ত্ৰণ কৰে।

জিইএছ হৈছে উদীয়মান উদ্যোগীসকলক উৎসাহ যোগোৱা এক মঞ্চ। বৈশ্বিক সন্মিলনত বিশ্বৰ বৃহৎ বৃহৎ উদ্যোগ প্ৰতিষ্ঠানৰ উদ্যোগী আৰু বিনিয়োগকাৰীসকলৰ মাজত সংযোগ স্থাপন আৰু যোগাযোগ কৰাৰ এক বিশেষ সুযোগ লাভ কৰে।

******

AKT/VBA/SH/DB