Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতীয় চাৰ্টাৰ্ড একাউণ্ট প্ৰতিষ্ঠান আৰু অষ্ট্ৰেলিয়াৰ চাৰ্টিফাইড প্ৰেকটিচিং একাউণ্টেণ্টৰ মাজৰ পাৰস্পৰিক স্বীকৃতি চুক্তিত অনুমোদন কেন্দ্ৰীয় কেবিনেট


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় চাৰ্টাৰ্ড একাউণ্ট প্ৰতিষ্ঠান (আইচিএআই) আৰু অষ্ট্ৰেলিয়াৰ চিপিএ (চাৰ্টিফাইড প্ৰেকটিচিং একাউণ্টেণ্ট)ৰ মাজৰ পাৰস্পৰিক স্বীকৃতি চুক্তিত অনুমোদন জনাইছে।

 

চুক্তিৰ বিৱৰণ;

 

ভাৰতীয় চাৰ্টাৰ্ড একাউণ্ট প্ৰতিষ্ঠান (আইচিএআই) আৰু চিপিএ (চাৰ্টিফাইড প্ৰেকটিচিং একাউণ্টেণ্ট)ৰ মাজৰ পাৰস্পৰিক স্বীকৃতি চুক্তিৰ অধীনত অষ্ট্ৰেলিয়াই একাউণ্টিং জ্ঞান, পেছাদাৰী আৰু বৌদ্ধিক বিকাশ, তেওঁলোকৰ নিজ নিজ সদস্যৰ স্বাৰ্থৰ উন্নতিৰ বাবে পাৰস্পৰিক সহযোগিতা পৰিকাঠামো স্থাপন কৰিবলৈ আৰু অষ্ট্ৰেলিয়া আৰু ভাৰতত একাউণ্টিং বৃত্তি বিকাশত ইতিবাচক অৰিহণা যোগাবলৈ একেলগে কাম কৰিব।

 

প্ৰভাৱঃ

 

এমআৰএ-এ কৰিবঃ

 

ক) দুয়োটা একাউণ্টিং ইনষ্টিটিউটৰ মাজত কামৰ সম্পৰ্ক গঢ়ি তোলা

 

খ) সদস্য, শিক্ষাৰ্থী আৰু তেওঁলোকৰ প্ৰতিষ্ঠানৰ সৰ্বোত্তম স্বাৰ্থত পাৰস্পৰিকভাৱে লাভজনক সম্পৰ্ক গঢ়ি তোলা।

 

গ) দুয়োটা প্ৰতিষ্ঠানৰ সদস্যসকলক আন দেশলৈ যোৱাৰ সুবিধা কৰি দিয়া যাৰ ফলত দুয়োখন দেশৰে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে সুবিধাৰ সৃষ্টি কৰিব।

 

ঘ) আন্তৰ্জাতিক ক্ষেত্ৰত সন্মুখীন হোৱা নতুন নতুন প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত নেতৃত্বৰ ভূমিকা পালন কৰিব দুয়োটা একাউণ্টেন্সি প্ৰতিষ্ঠানে।

 

ৰূপায়ণ ৰণনীতি আৰু লক্ষ্যঃ

 

এই পাৰস্পৰিক চুক্তি পত্ৰৰ জৰিয়তে দুয়োটা প্ৰতিষ্ঠানে ইটোৱে আনটোৰ সদস্যসকলৰ পেছাদাৰী ক্ষেত্ৰত স্বীকৃতি প্ৰদান কৰিব। এইসকলো সদস্যই পৰীক্ষা দি, প্ৰশিক্ষণ লৈ আৰু হাতে-কামে লাগি ব্যৱহাৰিক অভিজ্ঞতা সঞ্চয় কৰিছে। আইচিএআই আৰু চিপিএ অষ্ট্ৰেলিয়া দুয়োটাই ইটোৱে আনটোৰ সদস্যসকলৰ যোগ্যতা আৰু প্ৰশিক্ষণক স্বীকৃতি প্ৰদান কৰিব।

 

পৃষ্ঠভূমিঃ

 

ভাৰতীয় চাৰ্টাৰ্ড একাউণ্ট প্ৰতিষ্ঠান (আইচিএআই) হৈছে ভাৰতত চাৰ্টাৰ্ড একাউণ্টেণ্টৰ বৃত্তি নিয়ন্ত্ৰণৰ বাবে চাৰ্টাৰ্ড একাউণ্টেণ্ট আইন, ১৯৪৯ৰ অধীনত স্থাপিত এক বিধিবদ্ধ সংস্থা। চিপিএ অষ্ট্ৰেলিয়া হৈছে বিশ্বৰ ১৫০ খন দেশ আৰু অঞ্চলত কাম কৰা ১৬০,০০০ৰো অধিক সদস্যৰ সৈতে বিশ্বৰ অন্যতম বৃহৎ একাউণ্টিং সংস্থা আৰু ইয়ে শিক্ষা, প্ৰশিক্ষণ, কাৰিকৰী সমৰ্থন আৰু ওকালতিত সেৱা আগবঢ়ায়।       

 

 ******************

DS/KG