পি এম ইণ্ডিয়া
মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ তথা কৰ্প’ৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পি পি চৌধুৰী ডাঙৰীয়া,
ভাৰতীয় কোম্পানী ছেক্ৰেটাৰী প্ৰতিষ্ঠানৰ অধ্যক্ষ ড. শ্যাম আগৰৱাল ডাঙৰীয়া, আৰু
আজিৰ এই অনুষ্ঠানত উপস্থিত অন্যান্য অভ্যাগতবৃন্দ
আজি ভাৰতীয় কোম্পানী ছেক্ৰেটাৰী প্ৰতিষ্ঠান চমুকৈ ICSI এ নিজৰ ৫০ তম বৰ্ষত প্ৰৱেশ কৰিছে৷ এই সুযোগতে মই এই সংস্থাটোৰ সৈতে জড়িত প্ৰতিগৰাকী লোককে অভিনন্দন জনাইছো৷
কোম্পানীসমূহে আইন তথা নীতিগত দিশসমূহ সঠিকভাৱে অনুসৰণ কৰাৰ উপৰিও তেওঁলোকৰ একাউণ্টছ বা আয়-ব্যয়ৰ লেখ সঠিকভাৱে ৰখাটো সুনিশ্চিত কৰি অহাৰ ক্ষেত্ৰত দায়বদ্ধ লোকসকলৰ মাজত থাকিবলৈ পাই আজি মই আনন্দ অনুভৱ কৰিছো৷
আপোনালোকৰ দায়বদ্ধতাৰে ভৰা কামেই দেশত কৰ্প’ৰেট সংস্কৃতি গঢ়ি তোলাত সহায় কৰে৷ আপোনালোকৰ পৰামৰ্শই দেশৰ কৰ্প’ৰেট প্ৰশাসন শক্তিশালী কৰাত সহায় কৰে৷ আপোনালোকৰ প্ৰতিষ্ঠানৰ মূল motto হৈছে – “सत्यम वद्, धर्मम चर्” অৰ্থাৎ সঁচা কথা কওঁক আৰু নিয়ম পালন কৰক৷
দেশত সততাক, পাৰদৰ্শিতাক প্ৰতিষ্ঠানভুক্ত কৰাত আপোনালোকৰ এই প্ৰতিষ্ঠানখনৰ আছে গুৰুত্বপূৰ্ণ ভুমিকা৷
আমাৰ সমাজ ব্যৱস্থাৰ সততাক দুৰ্বল কৰি দিয়াৰ বাবে আৰু দেশৰ সম্ভ্ৰম পদনত কৰাৰ বাবে এচাম লোকে চেষ্টা অব্যাহত ৰাখিছে৷ তেনেবোৰ বিভদকামী শক্তিক সমগ্ৰ সমাজ ব্যৱস্থাটোৰ পৰাই আঁতৰোৱাৰ বাবে চৰকাৰখনে কাম কৰি আছে৷ তাৰ ফলশ্ৰুতিতেই প্ৰথমৰে পৰাই চৰকাৰে স্বচ্ছতাৰ কাম আৰম্ভ কৰিছিল৷
– ইয়াৰ আঁত ধৰিয়েই চৰকাৰ গঠন হোৱা মাত্ৰকে Special Investigation Team – SIT গঠন কৰা হৈছিল৷
– বিদেশত থকা ক’লা ধনৰ বাবে Black Money Act বনোৱা হৈছে৷
– ভালেমান দেশৰ সৈতে কৰ চুক্তি কৰা হৈছে আৰু ভালেমান পুৰণি চুক্তিৰ সালসলনি কৰা হৈছে৷
– Insolvency আৰু Bankruptcy Code বনোৱা হৈছে৷
– ২৮ বছৰ ধৰি নিস্পত্তিহীন হৈ থকা বেনামী সম্পত্তি আইন প্ৰণয়ন কৰা হৈছে৷
– ভালেমান বছৰধৰি নিস্পত্তি নোহোৱাকৈ থকা Good And Simple Tax- GST প্ৰচলন কৰা হৈছে৷
– Demontisation ৰ সাহস দেখুৱাইছে চৰকাৰে৷
মাননীয় অভ্যাগত,
এইখন চৰকাৰে দেশত সংস্থাগত সততাৰ ভেটি মজবুত কৰিবৰ বাবে কাম কৰিছে৷ চৰকাৰৰ অহৰহ প্ৰচেষ্টাৰ ফলতেই অতি কম নগদ ধন থকা সত্ত্বেও দেশৰ অৰ্থনীতি সক্ৰিয় হৈ আছে৷ বিমূদ্ৰাকৰণৰ পূৰ্বে থকা নগদ ধন আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত ১২ শতাংশৰ পৰা এতিয়া ৯ শতাংশলৈ হ্ৰাস পাইছে৷ আপোনালোকেই ভালকৈ জানিব যে পূৰ্বে দেশত black money বা ক’লাধনৰ লেনদেন ইমান সহজেই কৰিছিল, পিছে এতিয়া তেনে কৰাৰ আগতে ৫০ বাৰ ভাবিবলগীয়া হৈছে৷
মোৰ বন্ধুসকল,
নৈৰাশ্যবাদী বিষবাস্প বিয়পাবলৈ বিচৰা লোকসকলৰ পৰা সাৱধান থকাৰ সময় সমাগত৷
দেশৰ বিকাশৰ হাৰ ৫.৭ শতাংশলৈ হ্ৰাস পোৱা দিনবোৰৰ কথা আজি মোৰ মনত পৰিছে৷ নিম্ন বিকাশৰ হাৰৰ ফলত সেই দিনবোৰত উচ্চহাৰৰ মূদ্ৰাস্ফীতি, উচ্চহাৰত চলিত একাউণ্টৰ ঘাটি আৰু অতি উচ্চহাৰৰ বিত্তীয় ঘাটি হৈছিল৷
এতিয়াও মত আছে বিগত চৰকাৰখনৰ দিনত ৬ টা বছৰত ৮ বাৰ বিকাশৰ হাৰ ৫.৭ শতাংশ বা তাতোকৈ তললৈ আহিছিল৷ দেশৰ অৰ্থব্যৱস্থা এনে ত্ৰিমাসিক সময়ৰো সাক্ষী হৈছে, যেতিয়া বিকাশৰ হাৰ ০.২ শতাংশ, ১.৫ শতাংশলৈও নামিছিল৷ এনেধৰণৰ নিম্নগামী বিকাশৰ হাৰ দেশৰ অৰ্থব্যৱস্থাৰ বাবে ভয়াবহ কাৰণ হৈ উঠিছিল, কিয়নো সেই বৰ্ষসমূহতেই ভাৰতে Higher Inflation, Higher Current Account Deficit আৰু Higher Fiscal Deficit ৰে যুঁজিবলগীয়া হৈছিল৷
বন্ধুসকল,
২১০৪ চনৰ পূৰ্বৰ দুটা বছৰ অৰ্থাৎ ২০১২-১৩ আৰু ১৩-১৪ লৈ চালে আমি দেখিম যে বিকাশৰ হাৰে ৬ শতাংশ স্পৰ্শ কৰিছিল৷ এতিয়া হয়তো কিছু লোকে ক’ব পাৰে যে আপুনি দুটা বছৰেই কিয় ল’লে?
বন্ধুসকল, মই দুটা বছৰ এইবাবেই লৈছো যে বিগত চৰকাৰৰ শেষ দুটা বছৰ আৰু চলিত চৰকাৰৰ প্ৰথম তিনিটা বছৰৰ GDP Data নিৰ্ণয় কৰা পদ্ধতি একেই৷
যেতিয়া কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে এই চৰকাৰৰ কাৰ্যকালত GDP ৰ ক্ষেত্ৰত 7.4 শতাংশ বৃদ্ধি হোৱা বুলি তথ্য প্ৰকাশ কৰিছিল, তেতিয়া একাংশই এই তথ্যক পোনচাটেই নাকচ কৰিছিল৷ তেওঁলোকে আনকি GDP নিৰ্ণয় কৰা এই নতুন পদ্ধতিত ক্ৰুটি আছে বুলিও মত পোষণ কৰিছিল৷ তথ্যৰ পৰিৱৰ্তে অনুভৱক আগস্থান দিয়া বাবেই হয়তো বিকাশৰ হাৰ তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাছিল৷ পিছে বিগত দুটা কোৱাৰ্টাৰত যেতিয়া বিকাশৰ হাৰ 6.1 আৰু 5.7 শতাংশ হ’ল তেতিয়া কিন্তু তেওঁলোকে এই তথ্য সত্য বুলি গ্ৰহণ কৰিবলৈ ল’লে৷
বন্ধুসকল,
এসময়ত ভাৰতক বিশ্ব অৰ্থনীতিৰ Fragile Five শীৰ্ষক এটা গোটত ৰখা হৈছিল, অৰ্থাৎ ঠুনুকা অৰ্থনীতিৰ৷ এই গোটটোক এনে বিপজ্জনক গোট হিচাপে গণ্য কৰা হৈছিল যে এই গোটৰ দেশবোৰ কেৱল নিজৰ অৰ্থব্যৱস্থাৰ বাবেই সমস্যা নাছিল, বৰঞ্চ সমগ্ৰ অৰ্থব্যৱস্থাৰ Recovery ৰ ক্ষেত্ৰত এক হেঙাৰ হৈ পৰিছিল৷
মোৰ দৰে অৰ্থশাস্ত্ৰৰ জ্ঞান কম থকা লোকসকলে আজিও বুজি নাপালো যে সেইসময়ত ইমান বিজ্ঞ অৰ্থশাস্ত্ৰী থকাৰ পিছতো কেনেকৈ এনে অৱস্থা হৈছিল৷ আপোনালোকৰ নিশ্চয় মনত থাকিব –
· সেই সময়ত GDP তকৈ Inflation ৰ বিকাশ বেছি আছিল৷
· Fiscal Deficit আৰু Current Account Deficit ৰ বিকাশৰ বিষয়ে কথা হৈছিল৷
· টকাৰ তুলনাত ডলাৰৰ মূল্য অধিক আছিল৷
· Interest Rate বৃদ্ধিৰ বিষয়েও আলোচনা হৈছিল৷
আজি দেশত বিদেশী বিনিয়োগ বৃদ্ধি পাইছে৷ ভাৰতৰ Foreign Exchange Reserve প্ৰায় 30 হেজাৰ কোটি ডলাৰৰ পৰা বৃদ্ধি হৈ 40 হেজাৰ কোটি ডলাৰলৈ বৃদ্ধি পাইছে৷ এই কথা সত্য যে বিগত তিনিটা বৰ্ষত 7.5 শতাংশকৈ বিকাশ লাভ কৰাৰ পিছত এই বছৰ এপ্ৰিল, মে’ আৰু জুন মাহত GDP ৰ হাৰ হ্ৰাস পাইছে৷ চৰকাৰে অতিশীঘ্ৰেই এই পৰিস্থিতিৰ পৰা উভতি আহিব৷ ইতিমধ্যেই গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন সম্পৰ্কে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এইসমূহ অতিশীঘ্ৰেই কাৰ্যকৰী কৰা হ’ব৷ দেশৰ বিত্তীয় স্থিৰতা অক্ষুণ্ণ ৰখা হ’ব৷ প্ৰতিশ্ৰুতি দিছো, অনাগত বৰ্ষসমূহত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহে দেশক উন্নয়নৰ দিশেৰে এক নতুন দিগন্তলৈ লৈ যাব৷ তদুপৰি সকলো দিশতে সততা ৰক্ষাৰ বাবে সৰ্বতোপ্ৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰখা হ’ব৷
সততাৰে দেশৰ উন্নয়ণত যোগদান কৰা প্ৰতিগৰাকী লোকক কথা দিছো যে তেওঁলোকক কোনো কাৰণতে শংকিত হ’বলৈ দিয়া নহ’ব৷
GST ব্যৱস্থাত প্ৰয়োজন সাপেক্ষে আমি পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰি যাম৷
বিভিন্ন কাৰকে শেহতীয়াকৈ দেশৰ নগৰ মহানগৰ অঞ্চলত চাহিদাৰ ক্ষেত্ৰত প্ৰদান কৰিছে ব্যাপক বিকাশ৷ গ্ৰামীণ চাহিদাৰ ক্ষেত্ৰতো একেই ছবি৷
অলপতে মুকলি কৰা PMI য়ে Manufacturing Index Expansion Mode দেখুৱাইছে৷ আনকি Future Output Index এ 60 ৰ ঘৰ পাৰ কৰিছে৷ শেহতীয়াকৈ প্ৰাকৃতিক উৎসৰ পৰা লাভ কৰা শক্তিৰ ক্ষেত্ৰতো বৃদ্ধি হৈছে উৎপাদন আৰু চাহিদা৷ ব্যক্তিগত ঋণৰ ক্ষেত্ৰত দেখা গৈছে ব্যাপক বিকাশ৷ উৎসাহজনক কথা যে কোম্পানীবোৰে IPO ৰ দ্বাৰা এইবছৰৰ প্ৰথম ৬ মাহত ২৫ হাজাৰৰো অধিক ধন mobilize কৰিছে৷ বিগত বছৰটোত এই ধনৰাশি আছিল ২৯ হাজাৰ কোটি টকা৷
চৰকাৰৰ নীতি আৰু পৰিকল্পনাত দেশৰ নিম্নবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ লগতে তেওঁলোকৰ সঞ্চয়ৰ দিশোটোকো সমানে গুৰুত্ব প্ৰদান কৰা হৈছে৷
বিগত চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰখনৰ কামৰ মাজত প্ৰতিটো দিশতে দেখিবলৈ পাব এক বৃহৎ তফাৎ৷
বিভিন্ন ক্ষেত্ৰত তীব্ৰ সমালোচনাৰ সমূখীন হ’লেও দেশ আৰু দেশৰ জনতাৰ উন্নয়ণৰ বাবে কাম কৰি আছো আৰু কৰি যাম, কাৰণ বৰ্তমানৰ স্বাৰ্থত দেশৰ ভৱিষ্যৎক বন্ধকীত ৰাখিব নোৱাৰো৷৷
বন্ধুসকল,
2022 চনত যেতিয়া দেশে স্বাধীনতা দিৱসৰ ৭৫ তম বৰ্ষ পালন কৰিব তেতিয়া মই এই ICSI ৰ পৰা কেইটামান প্ৰতিশ্ৰুতি বিচাৰিছো৷ এই প্ৰতিশ্ৰুতিত থাকিব আপোনালোকৰ সংকল্প আৰু আপোনালোকে সেই সংকল্প পূৰ্ণ কৰিব লাগিব৷
· ২০২২ চনলৈ আপোনালোকে এখন উচ্চ পৰ্যায়ৰ tax complaint সমিতি গঠন কৰাৰ দায়িত্ব গ্ৰহণ কৰিব পাৰিব নে?
· আপোনালোকে এইটো সুনিশ্চিত কৰিব পাৰিব নে যে ২০২২ চনলৈ দেশত এটাও Shell কোম্পানী নাথাকিব?
· আপোনালোকে এইটো সুনিশ্চিত কৰিব পাৰিব নে যে ২০২২ চনলৈ দেশত প্ৰতিটো কোম্পানীয়ে সততাৰে কৰ জমা দিব?
· আপোনালোকে আপোনালোকৰ সহায়ৰ মাত্ৰা বৃদ্ধি কৰি ২০২২ চনলৈ দেশত এক সন্মানীয় বাণিজ্য সংস্কৃতি স্থাপন কৰিব পাৰিব?
মই আশা কৰিছো যে ভাৰতীয় কোম্পানী ছেক্ৰেটাৰী প্ৰতিষ্ঠানৰ এই গৌৰৱময় সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণিতে প্ৰতিষ্ঠানটোৱে এই লক্ষ্যসমূহত উপনীত হোৱাৰ বাবে বিভিন্ন নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিব আৰু নিজৰ কৰ্মসংস্কৃতিত সেইবোৰ চামিল কৰিব৷
পুনৰ এবাৰ আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷
***
नदीम तुफैल / हिमांशु सिंह/Rang
Inflation over the years. pic.twitter.com/iP6gyhoLGh
— PMO India (@PMOIndia) October 4, 2017
Inflation over the years. pic.twitter.com/iP6gyhoLGh
— PMO India (@PMOIndia) October 4, 2017
Foreign exchange reserves over the years. pic.twitter.com/NWQY58Feod
— PMO India (@PMOIndia) October 4, 2017
ये बात सही है कि पिछले तीन वर्षों में 7.5 प्रतिशत की औसत ग्रोथ हासिल करने के बाद इस वर्ष अप्रैल-जून की तिमाही में GDP ग्रोथ में कमी दर्ज की गई। लेकिन ये बात भी उतनी ही सही है कि सरकार इस ट्रेंड को रिवर्स करने के लिए पूरी तरह से प्रतिबद्ध हैं: PM
— PMO India (@PMOIndia) October 4, 2017
हमने reform से जुड़े कई महत्वपूर्ण फैसले लिए हैं और ये प्रक्रिया लगातार जारी रहेगी। देश की financial stability को भी maintain रखा जाएगा। निवेश बढ़ाने और आर्थिक विकास को गति देने के लिए हम हर आवश्यक कदम उठाते रहेंगे: PM @narendramodi
— PMO India (@PMOIndia) October 4, 2017
मैं आश्वस्त करना चाहता हूं कि सरकार द्वारा लिए गए कदम देश को आने वाले वर्षों में विकास की एक नई league में रखने वाले हैं: PM @narendramodi
— PMO India (@PMOIndia) October 4, 2017
बदलती हुई देश की इस अर्थव्यवस्था में अब ईमानदारी को प्रीमियम मिलेगा, ईमानदारों के हितों की सुरक्षा की जाएगी: PM @narendramodi
— PMO India (@PMOIndia) October 4, 2017
A trend of increased consumption after June 2017. pic.twitter.com/9Edmyw5839
— PMO India (@PMOIndia) October 4, 2017
Increase in sale of tractors. pic.twitter.com/A6PhofF4jy
— PMO India (@PMOIndia) October 4, 2017
Some facts on the roads sector. pic.twitter.com/sq21xXQCAd
— PMO India (@PMOIndia) October 4, 2017
Here are some numbers from the railways sector. pic.twitter.com/jiCmqSVKB2
— PMO India (@PMOIndia) October 4, 2017
पिछली सरकार ने अपने आखिरी के तीन सालों में Renewable Energy पर 4 हजार करोड़ रुपए खर्च किए थे। हमारी सरकार ने अपने तीन साल में इस सेक्टर पर 10 हजार 600 करोड़ रुपए से भी अधिक खर्च किए हैं: PM @narendramodi
— PMO India (@PMOIndia) October 4, 2017
हमने affordable Housing के क्षेत्र में ऐसे-ऐसे नीतिगत निर्णय लिए हैं, वित्तीय सुधार किए हैं, जो इस क्षेत्र के लिए अभूतपूर्व हैं: PM @narendramodi
— PMO India (@PMOIndia) October 4, 2017
Big boost to the housing sector. pic.twitter.com/8MEdvUNfWw
— PMO India (@PMOIndia) October 4, 2017
पिछले तीन वर्षों में 21 सेक्टरों से जुड़े 87 छोटे-बड़े Reform किए गए हैं। Defence सेक्टर, Construction सेक्टर, Financial Services, Food Processing, जैसे कितने ही सेक्टरों में निवेश के नियमों में बड़े बदलाव हुए हैं: PM @narendramodi
— PMO India (@PMOIndia) October 4, 2017
देश के आर्थिक क्षेत्र को खोलने के बाद से लेकर अब तक जितना विदेशी निवेश भारत में हुआ है, उसकी तुलना अगर पिछले तीन वर्षों में हुए निवेश से करें, तो आपको पता चलेगा कि हमारी सरकार जो Reform कर रही है, उसका नतीजा क्या मिल रहा है: PM @narendramodi
— PMO India (@PMOIndia) October 4, 2017
मेहनत से कमाए गए आपके एक एक पैसे की कीमत ये सरकार समझती है। इसलिए सरकार की नीतियों और योजनाओं में इस बात का भी ध्यान रखा जा रहा है कि वो गरीबों और मध्यम वर्ग की जिंदगी तो आसान बनाएं हीं, उनके पैसों की भी बचत कराएं: PM
— PMO India (@PMOIndia) October 4, 2017
Fall in price of LED bulbs. pic.twitter.com/Oa4lUMeWQQ
— PMO India (@PMOIndia) October 4, 2017
मैं जानता हूं कि रेवड़ी बांटने के बजाय, लोगों और देश को Empower करने के काम में, कई बार मुझे आलोचना का भी सामना करना पड़ेगा, लेकिन मैं अपने वर्तमान की चिंता में, देश के भविष्य को दांव पर नहीं लगा सकता: PM @narendramodi
— PMO India (@PMOIndia) October 4, 2017