Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতীয় পদ্ধতিৰ ঔষধৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠন সম্পৰ্কীয় বিধেয়ক, ২০১৮ত কেবিনেটৰ অনুমোদন


কেন্দ্ৰীয় কেবিনেট বৈঠকত আজি এক নতুন সংস্থাৰ জৰিয়তে স্বচ্ছতা সুনিশ্চিত কৰিবলৈ পূৰ্বৰ নিয়ামক সংস্থা ভাৰতীয় ঔষধৰ বাবে কেন্দ্ৰীয় পৰিষদ (চিচিআইএম)ৰ স্থানত ভাৰতীয় পদ্ধতিৰ ঔষধৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠন সম্পৰ্কীয় বিধেয়ক, ২০১৮ত অনুমোদন জনাইছে৷

ইয়াৰ মুল বৈশিষ্ট্যসমূহ হৈছেঃ

এই খচৰা বিধেয়কত চাৰিটা স্বায়ত্ত্বশাসিত পৰিষদক একেলগ কৰি এক ৰাষ্ট্ৰীয় আয়োগ গঠন কৰাৰ প্ৰস্তাৱ লোৱা হৈছে যিবোৰে আর্য়ুবেদ, সিদ্ধ আৰু ছোয়াৰিগপা শিক্ষা পৰিচালনা কৰিব৷ তদুপৰি, ইয়াত দুখন সমূহীয়া বোর্ড থাকিব-প্রথমটো হ’ল মূল্যায়ন বোর্ড আৰু দ্বিতীয়খন হ’ল ভাৰতীয় চিকিৎসা শিক্ষা প্রতিষ্ঠানসমূহৰ চিকিৎসকসকলৰ নাম পঞ্জীয়ভুক্ত কৰাৰ ক্ষেত্ৰত গঠিত বোৰ্ড৷

এই খচৰা বিধেয়কত সমূহীয়া প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ লোৱা হৈছে৷ তদুপৰি, হোমিঅ’পেথী প্ৰতিষ্ঠানসমূহত শিক্ষকসকলৰ নিয়োগ তথা পদোন্নতিৰ পূর্বে গুণগত মান মূল্যায়নৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে৷

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ সৈতে সংগতি ৰাখি হোমিঅ’পেথীৰ চিকিৎসা শিক্ষা ব্যৱস্থাত সংশোধনৰ প্ৰস্তাৱো বিধেয়কখনত উল্লেখ কৰা হৈছে৷

প্ৰস্তাৱিত নিয়ামক সংস্থাই জনস্বাৰ্থৰ খাতিৰত স্বচ্ছতা আৰু গ্ৰহণযোগ্যতা সুনিশ্চিত কৰিব৷ এই এনচিআইএমে সমগ্ৰ দেশত সহজলভ্য চিকিৎসা সুবিধা প্ৰদান কৰিব৷

****

AKT/SH/DB