Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতীয় বায়ুসেনাৰ মাৰ্শ্বাল অৰ্জুন সিঙৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বায়ুসেনাৰ মাৰ্শ্বাল অৰ্জুন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

এলানি টুইটাৰযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মাৰ্শ্বাল অৰ্জুন সিঙে নিষ্ঠা আৰু একাগ্ৰতাৰে ভাৰতীয় বায়ুসেনাক অতি শক্তিশালী কৰি আমাৰ সুৰক্ষা ব্যৱস্থালৈ অভূতপূৰ্ব সেৱা আগবঢ়াইছিল। তেখেতক এগৰাকী বিশিষ্ট বায়ু-যোদ্ধা আখ্যা দিয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই শোকাবহ ক্ষণত শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

“ভাৰতীয় বায়ুসেনাৰ মাৰ্শ্বাল অৰ্জুন সিঙৰ মৃত্যুত সমগ্ৰ ভাৰতবাসীয়ে শোক প্ৰকাশ কৰিছে। আমি দেশৰ প্ৰতি তেওঁৰ অসাধাৰণ সেৱাৰ কথা স্মৰণ কৰিছো।

মাৰ্শ্বাল অৰ্জুন সিঙে নিষ্ঠা আৰু একাগ্ৰতাৰে ভাৰতীয় বায়ুসেনাক অতি শক্তিশালী কৰি আমাৰ সুৰক্ষা ব্যৱস্থালৈ অভূতপূৰ্ব সেৱা আগবঢ়াইছিল।

১৯৬৫ চনত যেতিয়া ভাৰতীয় বায়ুসেনাই গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা সময় আহি পৰিছ্ল, সেই সময়ত মাৰ্শ্বাল অৰ্জুন সিঙে আগবঢ়োৱা নেতৃত্বৰ কথা ভাৰতবৰ্ষই নাপাহৰে।

কিছু সময়ৰ পূৰ্বে তেখেতক লগ কৰিছিলো। গুৰুতৰভাৱে অসুস্থ অৱস্থাতো তেখেতে থিয় হৈ চেল্যুট দিবলৈ চেষ্টা কৰিছিল।সেয়া আছিল এজন সেনাৰ শৃংখলাৱদ্ধতাৰ পৰিচয়।

এনে এজন মহান ব্যক্তি, বিশিষ্ট বায়ুযোদ্ধা মাৰ্শ্বাল অৰ্জুন সিঙৰ মৃত্যুত তেখেতৰ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

***

AKT/NT/PRK