Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতীয় ৰে’লৱেৰ বাবে ইন্ধনৰ স্ব-ক্ষমতা বৃদ্ধিৰ বাবে ভাৰত আৰু ব্ৰিটেইনৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় ৰেলৱেৰ ইন্ধনৰ স্বক্ষমতা বৃদ্ধিৰ বাবে ভাৰত আৰু ব্ৰিটেইনৰ মাজত ০২.১২.২০১৯ তাৰিখে সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে৷

প্ৰণয়ন কৌশল আৰু লক্ষ্যসমূহঃ

ভাৰতীয় ৰেল মন্ত্ৰালয় আৰু ব্ৰিটেইনৰ আন্তৰ্জাতিক বিকাশ বিভাগৰ সৈতে এই বুজাবুজিৰ চুক্তিপত্ৰত নিম্নোক্ত দিশসমূহ উল্লেখ কৰা হৈছে

) দুয়ো পক্ষই ভাৰতীয় ৰেলৱেৰ বাবে ইন্ধনৰ স্বক্ষমতা বৃদ্ধিৰ বাবে সন্মতি প্ৰকাশ কৰিছে৷

) দুয়ো পক্ষই আইন, নীতি আৰু ৰাষ্ট্ৰীয় সাপেক্ষে সময়ে সময়ে ভাৰতীয় ৰেলৰ ইন্ধনৰ স্বক্ষমতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব৷

) দুয়ো পক্ষই ভাৰতীয় ৰেলৱেৰ বাবে ইন্ধন পৰিকল্পনা অৰ্থাৎ সৌৰ আৰু বায়ু শক্তিখণ্ড, ইন্ধন অনুকূল ব্যৱস্থা গ্ৰহণ, ইন্ধন ক্ষমতা বৃদ্ধি আদিৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্মত হৈছে৷

) দুয়ো পক্ষই এই স্বাক্ষৰিত বুজাবুজিৰ চুক্তিপত্ৰৰ অধীনত প্ৰস্তাৱিত চুক্তি অনুসাৰে কাম কৰিব৷

) দুয়ো পক্ষৰ মাজত কিবা বিবাদৰ সূত্ৰপাত হলে পাৰস্পৰিক বুজাবুজিৰ দ্বাৰা সমাধা কৰা হব৷

পৃষ্ঠভূমিঃ

ৰেলৱে মন্ত্ৰালয়ে শক্তি খণ্ডৰ বিকাশৰ বাবে প্ৰযুক্তিগত, নীতিগত আৰু বাণিজ্যিক প্ৰত্যাশা, এই সকলোবোৰ দিশ সামৰি উক্ত বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰিত কৰিছে৷ ইয়াৰ জৰিয়তে কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ চেষ্টা কৰাৰ লগতে অৰ্থনৈতিক উত্তৰণ তথা শক্তিখণ্ডৰ নিৰাপত্তাৰ দিশসমূহো চালিজাৰি চোৱা হৈছে৷

 

 

*****

VRRK/SC/MANN