Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ ক্ৰমবৰ্ধমান আত্মনিৰ্ভৰশীল মেড-টেক পৰিৱেশতন্ত্ৰৰ বিষয়ত এটা প্ৰবন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জে পি নাড্ডাই ভাৰতৰ ক্ৰমবৰ্ধমান আত্মনিৰ্ভৰশীল মেড-টেক পৰিৱেশ তন্ত্ৰৰ বিষয়ত লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে । শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই আত্মনিৰ্ভৰশীলতা ঘৰুৱা উৎপাদন, আমদানিৰ ক্ষেত্ৰত নিৰ্ভৰশীলতা হ্ৰাস আৰু পিএলআই তথা মেডিকেল ডিভাইচ পাৰ্কৰ দৰে আঁচনিৰ দ্বাৰা পৰিচালিত হৈছে।  যাৰ ফলত ভাৰত সুলভ স্বাস্থ্যসেৱাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা এক বিশ্বাসযোগ্য বিশ্বজোৰা মেড-টেক অংশীদাৰ হিচাপে পৰিগণিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে:

 

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী জে পি নাড্ডাই  ভাৰতৰ ক্ৰমবৰ্ধমান আত্মনিৰ্ভৰশীল মেড-টেক পৰিৱেশতন্ত্ৰৰ বিষয়ত  আলোকপাত কৰিছে, যিটো ঘৰুৱা উৎপাদন, হ্ৰাস পোৱা আমদানি নিৰ্ভৰশীলতা আৰু পিএলআই আৰু মেডিকেল ডিভাইচ পাৰ্কৰ দৰে আঁচনিৰ দ্বাৰা পৰিচালিত। তেওঁ কয় যে সুলভ  স্বাস্থ্যসেৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা এক বিশ্বাসযোগ্য বিশ্বজোৰা  মেড-টেক অংশীদাৰ হিচাপে ভাৰতৰ ক্ৰমাগতভাৱে উত্থান ঘটিছে।

https://hindustantimes.com/opinion/indias-march-towards-self-reliance-in-medtech-101786121787652.html

********

MJPS/SS/VJ/DM