Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ বাবে সৰ্বশ্ৰেষ্ঠ সমতাকাৰী হিচাপে প্ৰযুক্তিৰ ভূমিকা সম্পৰ্কীয় এটা লেখা শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


ৰাজপথৰ বিক্ৰেতাৰ পৰা আৰম্ভ কৰি কৰ্পৰেট কাৰ্যবাহীলৈকে সকলোকে সবল কৰি প্ৰযুক্তি কেনেকৈ ভাৰতৰ বাবে সৰ্বশ্ৰেষ্ঠ সমতাকাৰী হৈ পৰিছে, সেই সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ এটা লেখা আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বেয়াৰ কৰে। শ্ৰী মোদীয়ে কয়- “ইণ্ডিয়া ষ্টেক, ইউপিআই, জেম ট্ৰিনিটি আৰু ক’উইনৰ দৰে পদক্ষেপৰ জৰিয়তে উদ্ভাৱন আৰু অন্তৰ্ভুক্তিয়ে জীৱনৰ পৰিবৰ্তন ঘটাইছে, শাসন ব্যৱস্থা উন্নত কৰিছে আৰু গোলকীয় মঞ্চত ভাৰতৰ ভূমিকা শক্তিশালী কৰিছে।”

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে লিখিছে যে ৰাজপথৰ বিক্ৰেতাৰ পৰা আৰম্ভ কৰি কৰ্প’ৰেট কাৰ্যবাহীলৈকে সকলোকে সবল কৰাত প্ৰযুক্তি ভাৰতৰ বাবে সৰ্বশ্ৰেষ্ঠ সমতাকাৰী হৈ পৰিছে। ইণ্ডিয়া ষ্টেক, ইউপিআই, জেম ট্ৰিনিটি আৰু ক’উইনৰ দৰে পদক্ষেপৰ জৰিয়তে উদ্ভাৱন আৰু অন্তৰ্ভুক্তিয়ে জীৱনৰ পৰিবৰ্তন ঘটাইছে, শাসন ব্যৱস্থা উন্নত কৰিছে আৰু গোলকীয় মঞ্চত ভাৰতৰ ভূমিকা শক্তিশালী কৰিছে।”

***

MJPS/VJ/HS