Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ ব্ৰিকছৰ অধ্যক্ষতা আৰু বহনক্ষম উন্নয়নৰ বিষয়ত লিখা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱে  লিখা এটা প্ৰৱন্ধ  শ্বেয়াৰ কৰিছে।

প্ৰৱন্ধটোত ভাৰতৰ ব্ৰিকছৰ অধ্যক্ষতাই জনকেন্দ্ৰিক জলবায়ু কাৰ্য্যসূচীৰ জৰিয়তে বহনক্ষম উন্নয়নক কেনেদৰে আগুৱাই লৈ গৈছে সেই বিষয়ে আলোকপাত কৰা হৈছে। ইয়াত বহনক্ষম জীৱনশৈলী, বনানীকৰণ, বৃত্তাকাৰ অৰ্থনীতি আৰু সম্প্ৰদায়ভিত্তিক অভিযোজনৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ উপৰি

কাৰ্বন নিৰ্গমনৰ তীব্ৰতা হ্ৰাস আৰু অজীৱাশ্ম শক্তিৰ ক্ষমতা সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ত আলোকপাত কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;

“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱ  ডাঙৰীয়াই ভাৰতৰ ব্ৰিকছৰ অধ্যক্ষতাই জনকেন্দ্ৰিক জলবায়ু কাৰ্য্যসূচীয়ে বহনক্ষম উন্নয়নক কেনেদৰে আগুৱাই লৈ যায় সেই বিষয়ে আলোকপাত কৰিছে।

মন্ত্ৰীগৰাকীয়ে কৈছে  যে বহনক্ষম জীৱনশৈলী, বনানীকৰণ, বৃত্তাকাৰ অৰ্থনীতি আৰু সম্প্ৰদায়ভিত্তিক অভিযোজনৰ দৰে ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।কাৰ্বন  নিৰ্গমনৰ তীব্ৰতা হ্ৰাস তথা  অজীৱাশ্ম শক্তিৰ ক্ষমতা সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিয়ে সমগ্ৰ প্ৰক্ৰিয়াটোক শক্তিশালী কৰি তুলিছে।”

 

***

MJPS/SS/ST/DM