Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ যুৱক-যুৱতীসকলৰ সাহস আৰু অধ্যৱসায়ক প্ৰশংসা কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ সাহস আৰু অধ্যৱসায়ক প্ৰশংসা কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

“प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः।

दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥”

শ্ৰী মোদীয়ে কয় যে আমাৰ যুৱপ্ৰজন্মই তেওঁলোকৰ সাহস, আত্মবিশ্বাস আৰু নিৰন্তৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ঐতিহাসিক সফলতা লাভ কৰিছে আৰু ই হৈছে দ্ৰুতগতিত উন্নয়নৰ দিশে আগবঢ়া ভাৰতৰ আটাইতকৈ ডাঙৰ শক্তি।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

আজি আমাৰ যুৱ বন্ধুসকলে ধৈৰ্য, আত্মবিশ্বাস আৰু অক্লান্ত পৰিশ্ৰমৰ জৰিয়তে ঐতিহাসিক সফলতা অৰ্জন কৰিছে। এয়া হৈছে উন্নয়নৰ দিশে আগবঢ়া ভাৰতৰ আটাইতকৈ ডাঙৰ শক্তি।

प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः।

दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥

 

***

MJPS/SS/VJ/HS