Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসত উষ্ম শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসত বিশ্বৰ নেতাসকলৰ পৰা লাভ কৰা উষ্ম শুভেচ্ছা তথা  অভিনন্দন বাৰ্তাৰ  গভীৰ শলাগ লৈ তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেক এক্সত শ্বেয়াৰ কৰা পোষ্টত  প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে।

“আপোনাৰ উষ্ম শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেক ধন্যবাদ। আমি ভূটানৰ সৈতে আমাৰ বিশেষ আৰু চিৰস্থায়ী অংশীদাৰিত্বক গভীৰভাৱে লালন-পালন কৰোঁ, যিটো শক্তিৰ পৰা শক্তিলৈ অব্যাহত আছে।”

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিৰপ্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে:

“আপোনাৰ উষ্ম শুভেচ্ছাৰ বাবে ৰাষ্ট্ৰপতি পেলেগ্ৰিনি ধন্যবাদ। ভাৰত আৰু শ্লোভাকিয়াৰ মাজত ব্যাপক অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে আমি আগ্ৰহী।”

মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজুক এক্সত শ্বেয়াৰ কৰা এটা বাৰ্তাত শ্ৰী মোদীয়ে এনেদৰে উত্তৰ দিয়ে:

“ৰাষ্ট্ৰপতি মুইজু, আপোনাৰ উষ্ম শুভেচ্ছাৰ বাবে ধন্যবাদ। ভাৰত আৰু মালদ্বীপৰ মাজত বন্ধুত্বৰ বান্ধোন অধিক শক্তিশালী হৈ থাকক।”

প্ৰধানমন্ত্ৰীয়ে এক্সত শ্বেয়াৰ কৰা এটা টুইটত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক এনেদৰে ধন্যবাদ জনায়:

“আপোনাৰ উষ্ম শুভেচ্ছাৰ বাবে ধন্যবাদ মোৰ বন্ধু!”

 

নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহক এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে এনেদৰে  উত্তৰ দিয়ে।

“আপোনাৰ উষ্ম অভিবাদনৰ বাবে প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহক ধন্যবাদ। আমাৰ দেশদুখনৰ  জনসাধাৰণৰ পাৰস্পৰিক সমৃদ্ধি তথা  মংগলৰ বাবে ভাৰত আৰু নেপালৰ মাজত বহুমুখী তথা  যুগ যুগ ধৰি চলি অহা সভ্যতাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে আমি একেলগে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

 

শ্ৰী মোদীয়ে এক্সত শ্বেয়াৰ কৰা এটা বাৰ্তাত নেপালৰ পৰা অহা ৰবি লমিচানে জীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে:

 

“আপোনাৰ উষ্ম শুভেচ্ছাৰ বাবে ৰবি লামিচানে জীক ধন্যবাদ। পাৰস্পৰিক প্ৰগতি আৰু সমৃদ্ধিৰ বাবে ভাৰত তথা নেপালৰ মাজত বন্ধুত্বৰ গভীৰ বান্ধোন শক্তিশালী কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।”

 

****

MJPS/SS/PRK/DM