Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ লক্ষ্যৰে ভাৰত আৰু ব্ৰিটেইনৰ ‘ট্ৰেন্সপৰ্ট ফৰ লণ্ডন’ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰতৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ লক্ষ্যৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় আৰু গ্ৰেটাৰ লণ্ডন অথৰিটী এক্ট, ১৯৯৯(ইউ কে)ৰ অধীনত গঠিত ব্ৰিটেইনৰ ‘ট্ৰেন্সপৰ্ট ফৰ লণ্ডন’ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ আৰু ইয়াৰ কাৰ্যকৰীকৰণত অনুমোদন জনায়।

এই বুজাবুজি চুক্তিয়ে দেশৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ সৰ্বাংগীন উন্নয়নৰ সমান্তৰালভাৱে সেৱা আৰু উচ্চ ক্ষমতাসম্পন্ন বাছৰ ব্যৱহাৰত সহায় কৰিব। ইয়াৰ জৰিয়তে ভাৰত আৰু ব্রিটেইনৰ মাজত দ্বিপাক্ষিক সম্পর্ক উন্নত হোৱাৰ লগতে অধিক শক্তিশালী হ’ব।

এই বুজাবুজি চুক্তিয়ে সকলোৰে বাবে সু-সংহত ৰাজহুৱা পৰিবহণ ব্যৱস্থাক শক্তিশালী কৰাৰ ক্ষেত্রত সহায় কৰিব। সমাজৰ দৰিদ্র লোকসকলৰ বাবেও গুণসম্পন্ন ৰাজহুৱা পৰিবহণ সেৱাৰ উপলব্ধ হোৱাত সহায় কৰিব চুক্তিখনে।

****

AKT/VBA/SH/DB