পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ চুক্তি প্ৰস্তাৱনাত অনুমোদন জনাইছে৷
লাভসমূহঃ
• এই চুক্তিৰ দ্বাৰা দুয়োপক্ষৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ পাৰস্পৰিক উদ্দেশ্য ত্বৰান্বিত হোৱাকৈ দ্বিপাক্ষিক সম্বন্ধৰ এক নতুন অধ্যায় মুকলি হ’ব৷
• এই চুক্তিয়ে ‘‘উচ্চ গুণগতমান’’ আৰু ‘‘উচ্চ প্ৰভাৱী’’ গৱেষণা তথা উদ্ভাৱনী সহযোগিতাৰ সুবিধা প্ৰদান কৰিব যিয়ে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সমাজৰ মাজত সম্পৰ্ক প্ৰসাৰিত কৰিব৷
মুখ্য বৈশিষ্টসমূহঃ
উক্ত সহযোগিতা নিম্নোল্লিখিত বিভিন্ন পৰ্যায়ত সম্পন্ন হ’বঃ
• বৈজ্ঞানিক আৰু প্ৰযুক্তিগত তথ্য আৰু বিশেষজ্ঞতাৰ বিনিময়
• ছেমিনাৰ আৰু বৈঠক অনুষ্ঠিত
• বিজ্ঞানী আৰু প্ৰযুক্তি বিশেষজ্ঞৰ প্ৰশিক্ষণ
• সহযোগিতামূলক গৱেষণা প্ৰকল্প অনুষ্ঠিত
• বিজ্ঞান আৰু উদ্ভাৱনীমূলক ৰাজহুৱা-ব্যক্তিগত সহযোগিতা স্থাপন
• অত্যাধুনিক গৱেষণা সুবিধাৰ ব্যৱহাৰ
*****
VRRRK/SC/SH/MANN