Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু আৰ্মেনিয়াৰ মাজত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰাৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন


প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু আৰ্মেনিয়াৰ মাজত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্ক থকা দুয়োখন দেশৰ মাজত উপযুক্ত তথ্যৰ আদান-প্ৰদানৰো সুবিধা হ’ব।

ভৱিষ্যতে এই বুজাবুজিৰ চুক্তিয়ে এনে এক ব্যৱস্থা স্থাপনত সহায় কৰিব যাৰ ফলত ভাৰত আৰু আৰ্মেনিয়া দুয়োখন দেশেই দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সদা প্ৰস্তুত হৈ থাকিব পাৰিব।

*****

AKT/VBA/SH/PRK