Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু ইজিপ্টৰ মাজত কৃষি আৰু কৃষি সম্বন্ধীয় অন্যান্য ক্ষেত্ৰত হোৱা সহযোগিতাৰ বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে কৃষি তথা এই সম্বন্ধীয় অন্যান্য ক্ষেত্ৰত হোৱা সহযোগিতাৰ বুজাবুজিৰ চুক্তিত ভাৰত আৰু ইজিপ্টে কৰা হস্তাক্ষৰত অনুমোদন জনাইছে৷

এই এমঅইউৰ অধীনত সহযোগিতা ক্ষেত্ৰত শস্য (বিশেষকৈ ঘেঁহু আৰু মাকৈ), কৃষি জৈৱ প্ৰদ্যোগিকী, নেনপ্ৰযুক্তি, জল সংৰক্ষণ তথা সুক্ষ্ণ জলসিঞ্চন প্ৰযুক্তি সহিতে জলসিঞ্চন তথা জল ব্যৱস্থাপনা প্ৰযুক্তি, শক্তি উৎপাদনৰ বাবে কৃষি অপশিষ্ট ব্যৱস্থাপনা, খাদ্য সংৰক্ষণ, সুৰক্ষা তথা গুণগততা, জৈৱিক কৃষি, পশুপালন, মীন পালন, দানা উৎপাদন, কৃষি উৎপাদন তথা মূল্যবৰ্ধন, পশু উৎপাদনৰ ব্যৱসায় সম্বন্ধীয় স্বচ্ছতাৰ বিষয়সমূহ, কৃষি উপকৰণ, কৃষি কাৰবাৰ তথা বিপণন, শস্য কটাৰ পূৰ্বে আৰু পিছত হোৱা প্ৰক্ৰিয়াসমূহ, খাদ্য প্ৰযুক্তি তথা সংসাধন, কৃষিৰ কীট ব্যৱস্থাপনা, কৃষি বিস্তাৰ তথা গ্ৰামীণ বিকাশ, কৃষি ব্যৱসায় তথা বিনিয়োগ, বৌদ্ধিক সম্পদ অধিকাৰ সম্বন্ধীয় বিষয়সমূহ, বীজৰ ক্ষেত্ৰত প্ৰযুক্তিগত জ্ঞান তথা মানৱ সংসাধন আৰু পাৰস্পৰিক হিতৰ অন্য সহমতৰ বিষয়সমূহো অন্তৰ্ভুক্ত আছে৷

বৈজ্ঞানিক তথা বিশেষজ্ঞসকলৰ আদানপ্ৰদান, কৃষি সম্বন্ধীয় তথ্য তথা বিজ্ঞান সম্বন্ধীয় প্ৰকাশন (পত্ৰপত্ৰিকা, কিতাপ, বুলেটিন, কৃষি তথা সহায়ক ক্ষেত্ৰৰ সংখ্যা), জাৰ্মপ্লাজম তথা কৃষি প্ৰযুক্তিৰ আদানপ্ৰদান আৰু ছেমিনাৰসমূহ, কৰ্মশালা তথা অন্য গতিবিধিসমূহৰ জৰিয়তে সহযোগিতাক অধিক প্ৰভাৱশালী কৰা হব৷

এই এমঅইউৰ অধীনত এক সংৱদ্ধ কৰ্ম গোট (জেডব্লিউজি) গঠন কৰা হব যাতে দ্বিপাক্ষিক বিষয়ৰ ওপৰত কথাবাৰ্তাসহিতে পাৰস্পৰিক হিতৰ অন্য বিষয়ত সহযোগিতাৰ বিকাশ কৰা হয়৷ আৰম্ভণিৰ দুটা বৰ্ষৰ সময়চোৱাত সংৱদ্ধ কৰ্ম গোটৰ বৈঠক অতি কমেও বছৰত এবাৰ (ভাৰত আৰু ইজিপ্টত) সম্পন্ন কৰা হব৷ ইয়াৰ অধীনত সংযুক্ত কৰ্মৰ বাবে কাৰ্যক্ৰমণিকা প্ৰস্তুত কৰাৰ, সুবিধা তথা পৰামৰ্শ প্ৰদান কৰাত আৰু বিশেষ বিষয়সমূহত অতিৰিক্ত সহযোগিতা আদি বিষয়ৰ ওপৰত চৰ্চা কৰা হব৷

 

 

*****

 

AKT/SH/MANN