পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু ইজৰাইলৰ মাজত তেল আৰু গেছ খণ্ডত বুজাবুজি চুক্তি স্বাক্ষৰৰ বাবে অনুমোদন জনায়।
এই বুজাবুজি চুক্তি শক্তি খণ্ডত ভাৰত আৰু ইজৰাইলৰ মাজৰ সম্পৰ্কৰ চালিকা শক্তি হ’ব বুলি আশা কৰা হৈছে। এই চুক্তিখনৰ অধীনত দুয়োখন দেশে ইখনে-সিখনত বিনিয়োগ কৰা, প্ৰযুক্তি হস্তান্তৰ কৰা, গৱেষণা আৰু উন্নয়ন, যুটীয়া অধ্যয়নৰ ব্যৱস্থা কৰা, মানৱ সম্পদৰ দক্ষতা বৃদ্ধি আৰু ষ্টাৰ্ট-আপৰ ক্ষেত্ৰত সহযোগিতা প্ৰসাৰৰ সুবিধা প্ৰদান কৰিব।
*****
AKT/VBA/SH/DB