পি এম ইণ্ডিয়া
প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু ইটালীৰ মাজত পুনঃনৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত বুজাবুজিৰ চূক্তিক সমৰ্থন জনোৱা হয়। এই চূক্তি ভাৰত চৰকাৰৰ পুনঃনৱীকৰণযোগ্য শক্তি দপ্তৰৰ সচিৱ শ্ৰী আনন্দ কুমাৰ আৰু ভাৰতত থকা কানাডাৰ ৰাষ্ট্ৰদূত মাননীয় শ্ৰী লৰেঞ্জো এঞ্জেলনিৰ মাজত যোৱা ৩০ অক্টোবৰ, ২০১৭ তাৰিখে স্বাক্ষৰিত হয়।
ভাৰত আৰু ইটালীয়ে প্ৰযুক্তিগত দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰসাৰৰ জৰিয়তে পুনঃনৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত দুয়োখন দেশেই সমানে লাভান্বিত হোৱাৰ লক্ষ্য স্থিৰ কৰিছে। এই চূক্তিৰ যোগেদি সহযোগিতাৰ প্ৰতিটো দিশ নিৰীক্ষণ কৰিবৰ বাবে এখন যুটীয়া কৰ্মীগোট গঠন কৰা হ’ব।ইয়াৰ জৰিয়তে দুয়োখন দেশৰ সহযোগিতা অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে।
******
AKT/VBA/SH/PRK