পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত স্বাক্ষৰিত চিকিৎসা সম্পৰ্কীয় বুজাবুজি চুক্তিলৈ যাৱতীয় অনুমোদন জনাইছে।
এই বুজাবুজি চুক্তিখনে নিম্নোক্ত সহযোগিতাৰ দিশসমূহক সামৰি লৈছে –
a. গৱেষণা আৰু উন্নয়ন, সক্ৰিয় ফাৰ্মাচিউটিকেল উপাদান (এপিআই) আৰু তথ্য-প্ৰযুক্তিভিত্তিক চিকিৎসা সঁজুলি;
b. মানৱ সম্পদ উন্নয়ন;
c. স্বাস্থ্য সেৱা; আৰু
d. পাৰস্পৰিক সন্মতিভিত্তিক অন্য যিকোনো ক্ষেত্ৰ।
সহযোগিতাৰ পৰৱৰ্তী দিশসমূহক তৰান্বিত কৰিবলৈ আৰু এই বুজাবুজি চুক্তিখনৰ ফলপ্ৰসূ ৰূপায়ন চোৱাচিতা কৰিবলৈ এটা কৰ্মী গোট গঠন কৰি দিয়া হ’ব।
*****
AKT/SH/RD