পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত আজি ভাৰত আৰু উজবেকিস্তানৰ মাজত কৃষি আৰু ইয়াৰ প্ৰায়োগিক ক্ষেত্রত সহযোগিতাৰ লক্ষ্যৰে চুক্তি স্বাক্ষৰৰ প্রস্তাৱত অনুমোদন জনাইছে।
এই চুক্তিত দুয়ো দেশৰ মাজত কৃষি সংক্রান্তীয় আইন-কানুন, সামগ্ৰীৰ মান আৰু উভয় দেশৰ স্বার্থজড়িত বিভিন্ন সামগ্ৰীৰ বিষয়ে তথ্য বিনিময়ৰ কথা সন্নিৱিষ্ট কৰা হৈছে। তদুপৰি, উজবেকিস্তানত দুয়ো দেশৰ যৌথ উদ্যোগত এলানি কৃষি প্রকল্প স্থাপন, শস্য উৎপাদন আৰু এই ক্ষেত্রত বৈচিত্র্য অনাৰ বাবে অভিজ্ঞতা বিনিময়, আধুনিক প্রযুক্তি-ভিত্তিক বীজ উৎপাদনৰ ক্ষেত্রতো দুয়ো দেশৰ মাজত অভিজ্ঞতা বিনিময়, বীজৰ প্ৰশংসাপত্র, দুয়ো দেশৰ বিভিন্ন প্রতিষ্ঠানৰ মাজত এই বীজ ব্যৱহাৰ সংক্রান্তীয় আইন-কানুন আৰু সুবিধাজনক চর্তত বীজৰ নমুনা বিনিময়ৰ কথাও এই চুক্তিত আছে। পানী ব্যৱহাৰৰ ক্ষেত্ৰত, বিশেষকৈ জলসিঞ্চনৰ পানী ব্যৱহাৰৰ দক্ষতা বৃদ্ধি সংক্রান্তীয় প্রযুক্তিৰ প্রয়োগ, জেনেটিক্স, প্রজনন, জৈব প্রযুক্তি, গছ-গছনিৰ সুৰক্ষা, মাটিৰ উৎপাদনশীলতা সংৰক্ষণ, কৃষি কৰ্মৰ যান্ত্রিকীকৰণ, পানীৰ উৎস সংৰক্ষণ ইত্যাদি দিশবোৰ এই চুক্তিত উল্লেখ কৰিছে। অন্যহাতে, বৃক্ষ পৃথকীকৰণৰ ক্ষেত্রত সহযোগিতা, পশুপালন, প্রাণীৰ স্বাস্থ্য, কুঁকুৰা পালন, জিনোমিক্সৰ ক্ষেত্রত তথ্য বিনিময়, কৃষি আৰু খাদ্যসামগ্ৰীৰ ব্যৱসায়ৰ ক্ষেত্রত সহযোগিতা, দুয়ো দেশৰ যৌথ প্ৰচেষ্টাত খাদ্য প্রস্তুতকৰণ উদ্যোগ গঢ়ি তোলা আৰু দুয়ো দেশৰ মাজত আলোচনাৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা যি কোনো বিষয়ত সহযোগিতাৰ কথাও এই চুক্তিত আছে।
ভাৰত আৰু উজবেকিস্তানৰ প্রতিনিধিক লৈ এক যৌথ কর্মীগোট গঠন কৰি তেওঁলোকৰ সহযোগিতাত বিস্তাৰিত পৰিকল্পনা ৰূপায়ণৰ দায়িত্ব দিয়া হ’ব। চুক্তি ৰূপায়ণৰ ক্ষেত্রত সমস্যা সমাধান আৰু ৰূপায়ণৰ কামত তদাৰকীৰ দায়িত্বও এই কর্মীগোটৰ হাতত থাকিব। প্রতি দুবছৰ মুৰে মুৰে এই কর্মীগোটে ভাৰত আৰু উজবেকিস্তানত বৈঠকত মিলিত হ’ব। পাঁচ বছৰৰ বাবে এই চুক্তিখন কার্যকৰী থাকিব আৰু প্রতি পাঁচ বছৰ পাছত স্বয়ংক্রিয়ভাৱে ইয়াৰ নবীকৰণ হ’ব। অৱশ্যে দুয়ো দেশৰ কোনো এখনে এই চুক্তিৰ সম্প্ৰসাৰণ কৰিব নিবিচাৰিলে পূৰ্বৰে পৰা বিজ্ঞাপন দি তাৰ ছমাহৰ ভিতৰত চুক্তিখন বাতিল কৰা হ’ব।
***
NW/AKT/SH/DB