পি এম ইণ্ডিয়া
ভাৰত আৰু উজবেকিস্তানৰ মাজত মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰ আৰু অনুসন্ধানৰ ক্ষেত্ৰত স্বাক্ষৰিত সহযোগিতামূলক চুক্তিত কেবিনেটৰ অনুমোদন
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু উজবেকিস্তানৰ মাজত মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰ আৰু অনুসন্ধানৰ ক্ষেত্ৰত স্বাক্ষৰিত সহযোগিতামূলক চুক্তি সম্পৰ্কে অৱগত কৰা হয়। ০১ অক্টোবৰ, ২০১৮ত উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণকালত এই চুক্তিখন স্বাক্ষৰ কৰা হৈছে।
মুখ্য প্ৰভাৱঃ
এই চুক্তি স্বাক্ষৰৰ ফলত ভাৰত আৰু উজবেকিস্তানৰ মাজত পৃথিৱীৰ ৰিমোট ছেন্সিঙৰ ক্ষেত্র, উপগ্ৰহৰ জৰিয়তে যোগাযোগ, উপগ্ৰহভিত্তিক নেভিগেচন আৰু মহাকাশত অনুসন্ধানৰ ক্ষেত্রত নতুন নতুন গবেষণাৰ কাম আৰু তাৰ ব্যৱহাৰৰ সম্ভাৱনা বৃদ্ধি পাব।
লাভালাভঃ
এই চুক্তিয়ে মহাকাশ প্রযুক্তি প্রয়োগৰ ক্ষেত্রত যুটীয়াভাবে কাম কৰাটো সম্ভৱ কৰিব তুলিব, যাৰ ফলত মানৱজাতি উপকৃত হ’ব। এই চুক্তিৰ ভিত্তিত এক যৌথ কর্মীগোট গঠন কৰা হ’ব আৰু ইয়াৰ জৰিয়তে চুক্তিৰ ধাৰাসমূহ নির্দিষ্ট সময়র ভিতৰত প্রয়োগ কৰাৰ বিষয়ে কার্যপৰিকল্পনা প্ৰস্তুত কৰিব।
*****
AKT/SH/DB