Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু কানাডাৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বুজাবুজিৰ চূক্তি স্বাক্ষৰৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন


প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু কানাডাৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বুজাবুজিৰ চূক্তি স্বাক্ষৰৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। এই চূক্তিয়ে ভাৰত আৰু কানাডাৰ শিক্ষানুষ্ঠানৰ মাজত বৈজ্ঞানিক সহযোগিতা তথা গৱেষণা আৰু উন্নয়নমূলক কামত সহায় কৰিব।

নিৰৱ বৈশিষ্ট্যঃ 

  • ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ আৰু কানাডাৰ প্ৰাকৃতিক বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদৰ মাজত এই চূক্তি স্বাক্ষৰিত হ’ব।
  • এই চূক্তিৰ অধীনত ভাৰত আৰু কানাডাৰ মাজত উদ্ভাৱনী দিশত বহু বিভাগীয় অংশীদাৰিত্ব গঢ় লৈ উঠিব।
  • গৱেষণা আৰু উন্নয়নমূলক প্ৰকল্পসমূহৰদ্বাৰা বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে সামাজিক পৰিৱৰ্তন সম্ভৱ হ’ব।
  • অংশগ্ৰহণকাৰীসকলৰ ভিতৰত ভাৰত আৰু কানাডাৰ বৈজ্ঞানিক প্ৰতিষ্ঠান, গৱেষণা আৰু উন্নয়নমূলক প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠানসমূহৰ গৱেষণাকাৰী সকল থাকিব।
  • সুৰক্ষিত আৰু বহনক্ষম আন্তঃগাঁথনি তথা সংহত জলসম্পদ পৰিচালনাত মনোযোগ দিয়া হ’ব।
  • এই চূক্তিয়ে ভাৰত আৰু কানাডাৰ আনুষ্ঠানিক যোগাযোগ ৰক্ষাত সহায় কৰাৰ লগতে বৈজ্ঞানিক প্ৰতিষ্ঠান, বৈজ্ঞানিক তথা বিশেষজ্ঞসকলৰ মাজত সহযোগিতা গঢ়ি তোলাত সহায় কৰিব।

পটভূমিঃ 

২০০৫ চনত  ভাৰত আৰু কানাডাৰ মাজত স্বাক্ষৰিত হোৱা বিজ্ঞান আৰু প্ৰযুক্তি বিষয়ৰ বুজাবুজিৰ চূক্তিৰ আধাৰত এই চূক্তি কৰা হৈছে।

 

******

AKT/VBA/SH/PRK