Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু কোৰিয়াৰ মাজত বাণিজ্যিক প্ৰতিকাৰ সহযোগিতাৰ ক্ষেত্ৰত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু কোৰিয়াৰ মাজত বাণিজ্যিক প্ৰতিকাৰ সহযোগিতাৰ ক্ষেত্ৰত স্বাক্ষৰিত পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে।

এই বুজাবুজি চুক্তিখন কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত ২০১৮ৰ জুলাইত স্বাক্ষৰ কৰা হৈছিল।

এই বুজাবুজি চুক্তিখনে দুয়ো দেশৰ মাজত বাণিজ্যিক প্ৰতিকাৰ, বিশেষকৈ সামগ্ৰী উঠোৱা-নমোৱা সমস্যা, ৰাজসাহায্য আৰু অন্যান্য প্ৰাসংগিক সমস্যা তথা সুৰক্ষাজনিত সমস্যা সমাধানত সহযোগিতা বৃদ্ধি কৰিব, যিটোৱে দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্কতো উৎসাহ যোগাব।

************

AKT/SH/DB