পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৰে’লৱেত বৈজ্ঞানিক আৰু প্রযুক্তিগত সহযোগিতাৰ ক্ষেত্রত আৰু অধিক শক্তিশালী তথা প্রসাৰিত কৰাৰ বাবেভাৰতৰ ৰিছাৰ্চ ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেচন(আৰডিএছঅ’) আৰু কোৰিয়াৰ ৰে’লৰোড ৰিছাৰ্চ ইনষ্টিটিউট (কেআৰআৰআই)ৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি সন্দৰ্ভত অৱগত কৰা হয়। ২০১৮ৰ ১০ জুলাইত এই চুক্তিখন স্বাক্ষৰ কৰা হয়।
এই বুজাবুজি চুক্তি স্বাক্ষৰৰ ফলত ভাৰতীয় ৰে’লে সেই দেশৰ ৰে’ল সংস্থাৰ সৈতে শেহতীয়া অগ্রগতি আৰু অত্যাধুনিক জ্ঞানক লৈ মত-বিনিময় আৰু আলোচনা কৰিব পাৰিব। একেদৰে, দুয়ো দেশৰ ৰে’ল সংস্থাৰ মাজত বিশেষজ্ঞ, প্ৰতিবেদন আৰু প্রযুক্তিগত নথিপত্র বিনিময়ৰ সমান্তৰালভাৱে বিশেষ প্রযুক্তিগত ক্ষেত্রত গুৰুত্ব প্ৰদান কৰি প্রশিক্ষণ শিৱিৰ, আলোচনা-চক্ৰ বা কর্মশালাৰ আয়োজনৰ ক্ষেত্রতো এই চুক্তিয়ে সহায় কৰিব। জ্ঞানৰ বিনিময়ৰ ক্ষেত্ৰতো এই চুক্তিয়ে বিশেষ ভূমিকা পালন কৰিব।
একাধিক গুৰুত্বপূর্ণ ক্ষেত্রত সহযোগিতাৰ লক্ষ্যৰে এটি পৰিকাঠামো গঠনতো এই চুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সেইবোৰৰ ভিতৰত-
ক। পাৰস্পৰিক স্বার্থত যৌথ গৱেষণাৰ পৰিকল্পনা ৰচনা আৰু তাৰ সম্পাদন;
খ। ভাৰতত অত্যাধুনিক গৱেষণা আৰু উন্নয়ন কেন্দ্র স্থাপনত সহযোগিতা,
গ। প্রযুক্তিগত বিষয়ত অলোচনা-চক্ৰ আয়োজনৰ পৰিকল্পনা আৰু কার্যকৰী কৰা,
ঘ । ভাৰতৰ আৰডিএছঅ’ কর্মচাৰীসকলৰ বাবে হস্ৰম্যাদী প্রশিক্ষণ কার্যসূচী গ্ৰহণ কৰা,
ঙ। কেতবোৰ নির্দিষ্ট প্রকল্পৰ বাবে আৰডিএছঅ’ আৰু কোৰিয়াৰ কেআৰআৰআইৰ কর্মচাৰী বিনিময় কার্যসূচী,
চ। দুয়োখন দেশত ৰে’ল উদ্যোগৰ সর্বাংগীন উন্নয়নত পৰামর্শ আগবঢ়োৱা; আৰু
ছ। দুয়ো পক্ষৰ সহমতৰ ভিত্তিত অন্যান্য ক্ষেত্রত সহযোগিতা বৃদ্ধি কৰা।
*****************
AKT/SNC/DB