পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু গুয়েনাৰ মাজত নবীকৰণযোগ্য শক্তি ক্ষেত্ৰত সহযোগিতাক লৈ বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷ ২০১৮ৰ ৩০ জানুৱাৰীত নতুন দিল্লীত ভাৰতৰ বিদ্যুৎ আৰু নবীকৰণযোগ্য শক্তি বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী শ্ৰী আৰ.কে সিং আৰু গুয়ানাৰ দ্বিতীয় উপৰাষ্ট্ৰপতি তথা বৈদেশিক মন্ত্ৰী মহামান্য শ্ৰী কাৰ্ল বি. গ্ৰেনিজৰ মাজত বুজাবুজিৰ চুক্তিখন স্বাক্ষৰ হৈছিল৷
পাৰস্পৰিক লাভ, সমানতা আৰু পাৰস্পৰিক আদান প্ৰদানৰ আধাৰত নবীন আৰু নবীকৰণযোগ্য শক্তি খণ্ডত কাৰিকৰী দ্বিপাক্ষিক সহযোগিতাক উৎসাহিত কৰিবলৈ দুয়োপক্ষই এক সহযোগিতামূলক প্ৰতিষ্ঠানগত সম্পৰ্কৰ বাবে ভেটি স্থাপনৰ লক্ষ্য লৈছে৷ বুজাবুজিৰ চুক্তিত এখন যুটীয়া কাৰ্যকৰী কমিটি স্থাপনৰ পৰিকল্পনা ৰখা হৈছে, যিয়ে সহযোগিতা সম্পৰ্কীয় বিষয়ৰ সমীক্ষা, নিৰীক্ষণ আৰু আলোচনা কৰিব পাৰে৷ বুজাবুজিৰ চুক্তিখনে বিশেষজ্ঞৰ আদান প্ৰদান আৰু তথ্য নেটৱৰ্কিঙৰ বিষয়ো সন্নিবিষ্ট কৰিছে৷
বুজাবুজিৰ চুক্তিখনে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাত সহায় কৰিব৷
****
AKT/VBA/SH/MS