পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু গ্ৰেট ব্ৰিটেইনৰ মাজত আইনী আৰু বিচাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা আৰু এক যুটীয়া পৰামৰ্শদাতা কমিটী গঠনৰ সন্দৰ্ভত প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে।
এই বুজাবুজি চুক্তিয়ে বিচাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত ব্যক্তি, চৰকাৰ কৰ্মচাৰীৰ অভিজ্ঞতাৰ বিনিময় আৰু তেওঁলোকৰ প্ৰশিক্ষণৰ সম্পৰ্কীয় বিষয় আৰু প্ৰয়োজনীয়তাৰ তত্ত্বাৱধান ল’ব আৰু বিভিন্ন আদালত, ন্যায়াধীকৰণ আগত বিবাদৰ নিষ্পত্তি ইত্যাদিৰ লগতে আৰু প্ৰস্তাৱিত যুটীয়া পৰামৰ্শদাতা কমিটী গঠনৰ সন্দৰ্ভত ফলপ্ৰসূ সহায় আগবঢ়াব।
****
AKT/VBA/SH/DB