Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু ছৌদি আৰৱৰ মাজত গৃহ নিৰ্মাণৰ ক্ষেত্রত সহযোগিতাৰ লক্ষ্যৰে স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সন্দৰ্ভত অৱগত কৰিলে কেবিনেটক


প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰত আৰু ছৌদি আৰৱৰ মাজত গৃহ নিৰ্মাণৰ ক্ষেত্রত সহযোগিতাৰ লক্ষ্যৰে ২০১৯ৰ ফেব্ৰুৱাৰীত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সন্দৰ্ভত অৱগত কৰা হয়৷

এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ ফলত সুলভ তথা কম আয়ৰ লোকসকলৰ বাবে গৃহ নিৰ্মাণকে ধৰি সংশ্লিষ্ট ক্ষেত্রৰ সৈতে জড়িত কাৰিকৰীগত সহায় আৰু বৃদ্ধি পাব। তদুপৰি, উভয় দেশৰ গৃহ আৰু আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহত বিভিন্ন কর্তৃপক্ষ আৰু সংস্থাৰ অংশগ্ৰহণ আৰু অধিক বৃদ্ধি পাব। গৃহ নির্মাণৰ সৈতে জড়িত আধুনিক নির্মাণ প্ৰযুক্তি উদ্ভাৱন তথা হস্তান্তৰসহ জ্ঞান আৰু অভিজ্ঞতা বিনিময়ৰ লগতে সংশ্লিষ্ট ক্ষেত্রত গৱেষণা আৰু উন্নয়নমূলক কাম-কাজো বৃদ্ধি পাব৷

*****

AKT/DB