পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ছৌদি আৰবৰ মাজত নিচাযুক্ত ঔষধ, মাদক দ্ৰব্য আৰু নিষিদ্ধ ৰাসায়নিক সামগ্ৰীৰ অবৈধ বিক্ৰী আৰু সৰবৰাহ বন্ধ কৰাৰ বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন জনাইছে৷
লাভঃ
· চুক্তিপত্ৰৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় মাদক পদাৰ্থ নিয়ন্ত্ৰণ সন্মিলনৰ দ্বাৰা পৰিভাষিত নিচাযুক্ত ঔষধ, নিচাযুক্ত পদাৰ্থ তথা নিষিদ্ধ ৰাসায়নিক সামগ্ৰীৰ অবৈধ বিক্ৰী তথা সৰবৰাহ ৰোধত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি হ’ব৷
· চুক্তিপত্ৰৰ অধীনত নিচাযুক্ত ঔষধৰ উৎপাদক, সৰবৰাহকাৰী তথা অবৈধ বিক্ৰেতাৰ সক্ৰিয় গতিবিধি, নিচাযুক্ত ঔষধ সম্বন্ধীয় গোচৰত গ্ৰেপ্তাৰ হোৱা বিক্ৰেতাৰ বিত্তীয় অৱস্থাৰ তথ্য বিনিময় কৰাৰ ব্যৱস্থা কৰা হৈছে৷
· চুক্তিপত্ৰৰ অধীনত নিচাযুক্ত ঔষধ, নিচাযুক্ত পদাৰ্থৰ অবৈধ বিক্ৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আন দেশৰ নাগৰিকৰ বিৱৰণৰ সৈতে অধিসূচীত কৰা তথা গ্ৰেপ্তাৰ হোৱা ব্যক্তিক দূতাবাস সম্বন্ধীয় সহায় প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে৷
· চুক্তিপত্ৰৰ অধীনত দুয়োখন দেশৰ যিকোনো এখন দেশৰ ভিতৰত জব্দ কৰা নিচাযুক্ত ঔষধ, নিচাযুক্ত পদাৰ্থৰ ৰাসায়নিক বিশ্লেষণ তথা নিচাযুক্ত ঔষধ আৰু নিচাযুক্ত পদাৰ্থৰ সংখ্যা/তথ্য বিনিময় কৰাৰ ব্যৱস্থা কৰা হৈছে৷
*****
VRRK/SC/SH/MANN