পি এম ইণ্ডিয়া
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকে ভাৰত আৰু জাপানৰ মাজত পৰিৱেশগত ক্ষেত্রত স্বাক্ষৰিত সহযোগিতামূলক বুজাবুজি চুক্তিৰ অনুমোদন জনায়৷ ভাৰতেৰ প্ৰধানমন্ত্রীৰ জাপান ভ্ৰমণৰ সময়ত ২৯ অক্টোবৰ, ২০১৮ এই সহযোগিতামূলক বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হয়৷
লাভালাভঃ
এই বুজাবুজি চুক্তিৰ ফলত দুয়োখন দেশৰ মাজত পৰিৱেশৰ সুৰক্ষা তথা প্রাকৃতিক সম্পদৰ উপযুক্ত পৰিচালনাৰ দৰে বিষয়সমূহৰ সহযোগিতা আৰু অধিক দীর্ঘম্যাদী হ’ব৷ তদুপৰি, এই বুজাবুজি চুক্তিৰ ফলত দুয়োখন দেশৰ মাজত তথ্য আৰু প্ৰযুক্তি বিনিময়ৰ পথো প্ৰশস্ত হ’ব৷
সমাজৰ আর্থিকভাৱে পিছপৰা শ্রেণীৰ লোকসকলৰ ওপৰত পৰিৱেশৰ অবক্ষয়ৰ প্ৰভাৱ আটাইতকৈ বেচি পৰিমাণে পৰে। এই বুজাবুজি চুক্তিৰ ফলত পৰিৱেশৰ উন্নতমানৰ সুৰক্ষা আৰু সংৰক্ষণ তথা জলবায়ু পৰিৱর্তনৰ কার্যকৰী ৰূপত মোকাবিলা কৰা আৰু জৈৱ–বৈচিত্র্যৰ সংৰক্ষণৰ ক্ষেত্রত অত্যাধূনিক প্ৰযুক্তি আৰু শ্রেষ্ঠপদ্ধতি আহৰণ আৰু অধিক সহজলভ্য হৈ উঠিব৷.
****
AKT/SH/DB