পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু জৰ্দানৰ মাজত আৱকাৰী ক্ষেত্ৰত পাৰস্পৰিক প্ৰশাসনিক সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।
এই চুক্তিয়ে আৱকাৰী ক্ষেত্ৰত কৰা অপৰাধসমূহ নিৰাময়ৰ বাবে প্ৰয়োজনীয় তথ্যপাতি সংগ্ৰহত সহায় কৰিব। এই চুক্তিয়ে বাণিজ্য ক্ষেত্ৰতো সহায় কৰাৰ লগতে দুয়োখন দেশৰ মাজত সামগ্ৰীৰ সৰবৰাহ কৰাৰ ক্ষেত্ৰতো সহায় কৰিব।
পটভূমিঃ
এই চুক্তিয়ে দুয়োখন দেশৰ আৱকাৰী বিষয়াসকলৰ মাজত আইনী প্ৰথাৰে তথ্যপাতি আদান প্ৰদান কৰাত সহায় কৰিব। এই চুক্তিৰ আৰ্হি দুয়োখন দেশৰ আৱকাৰী প্ৰশাসনৰ পৰামৰ্শ অনুসৰি প্ৰস্তুত কৰা হৈছিল।চুক্তিৰ আৰ্হিমতে ভাৰতৰ আৱকাৰী ক্ষেত্ৰৰ বিশেষকৈ সামগ্ৰীৰ আৱকাৰী মূল্য দুয়োখন দেশৰ মাজত সামগ্ৰীৰ সৰবৰাহ কৰাৰ ক্ষেত্ৰত প্ৰকৃত মূল্য, তথ্যপাতি আদান প্ৰদান আদি ক্ষেত্ৰত সহায় কৰিব।
****
AKT/VBA/PRK