Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু জৰ্দানৰ মাজত মানৱ সম্পদৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু জৰ্দানৰ মাজত মানৱ সম্পদৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।

এই চুক্তিৰ জৰিয়তে জৰ্দানত কৰ্মৰত ভাৰতীয় লোকৰ কল্যাণৰ বাবে লোৱা নৱতম সংস্কাৰ প্ৰতিফলিত হোৱাৰ লগতে দুয়োখন দেশৰ মাজত অস্থায়ী নিয়োগৰ ক্ষেত্ৰত প্ৰশাসনীয় পদক্ষেপৰ লক্ষ্য স্থিৰ কৰা হৈছে। দুয়োপক্ষই নিয়োগৰ বাবে অনলাইন মঞ্চ ব্যৱহাৰ কৰাক চাই নিয়োগৰ দিশত স্বচ্ছতা অটুট থকাৰ আশা কৰা হৈছে।

এই চুক্তি পাঁচ বছৰৰ বাবে কাৰ্যকৰী হ’ব আৰু যুটীয়া প্ৰযুক্তি সমিতিৰ পৰ্যবেক্ষণ তথা সন্মতি মৰ্মে আপোনাআপুনি পুনঃনৱীকৰণৰো সুবিধা থাকিব।

***

AKT/VBA/PRK