পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত যুটীয়াভাৱে “ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰ ২০ বছৰ” শীৰ্ষক ডাক টিকট প্ৰকাশৰ সন্দৰ্ভত অৱগত কৰা হয়। ২০১৮ৰ জুন মাহত যুটীয়া ডাক টিকটটো উন্মোচন কৰা হৈছিল।
ভাৰত-দক্ষিণ আফ্ৰিকাৰ স্মাৰক ডাক টিকটত দীনদয়াল উপাধ্যায় আৰু দক্ষিণ আফ্ৰিকাৰ অলিভাৰ ৰেগিনাল্ড টাম্বোৰ ফটো সন্নিৱিষ্ট কৰা হৈছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ২০১৮ ৰ মে’ মাহত এই সম্পৰ্কীয় এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছিল।
*****
AKT/SH/DB