পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ফিলিপাইনছৰ মাজত কৃষি আৰু আনুসংগিক ক্ষেত্ৰত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷
বুজাবুজিৰ চুক্তিৰ ফলস্বৰূপে উভয় দেশৰ কৃষি ক্ষেত্ৰ পাৰস্পৰিকভাৱে লাভান্বিত হ’ব৷
ইয়ে কৃষি উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত দুয়োখন দেশক উপকৃত কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত তেওঁলোকৰ কৃষি সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰিব৷
এই বুজাবুজিৰ চুক্তিখনে চাউল উৎপাদন, বহুমুখী ফচল চপোৱা পদ্ধতি, শস্য পথাৰ উন্নত কৰা পদ্ধতি, জৈৱিক কৃষি, উপযুক্ত জল সংৰক্ষণ, ভূমি উৰ্বৰ কৰা পদ্ধতি, ৰেশম উৎপাদন, কৃষি বননীকৰণ আদিৰ দৰে সেৱা প্ৰদান কৰিব৷
*****
AKT/VBA/SH/MS