Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু ফ্ৰান্সৰ মাজত নতুন আৰু নৱীকৰণযোগ্য শক্তি ক্ষেত্ৰত কাৰিকৰী দ্বিপাক্ষিক সহযোগিতাত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ফ্ৰান্সৰ মাজত নতুন আৰু নৱীকৰণযোগ্য শক্তি ক্ষেত্ৰত কাৰিকৰী দ্বিপাক্ষিক সহযোগিতাত অনুমোদন জনাইছে৷ ২০১৮ৰ ৩ অক্টোবৰত বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হৈছিল৷

বৈশিষ্টঃ নতুন আৰু নৱীকৰণযোগ্য শক্তি ক্ষেত্ৰত কাৰিকৰী দ্বিপাক্ষিক সহযোগিতাক উৎসাহিত আৰু সম্প্ৰসাৰিত কৰিবলৈ ভাৰত আৰু ফ্ৰান্সে এক সহযোগিতামূলক প্ৰতিষ্ঠানগত সম্পৰ্কৰ ভেটি গঢ়িব বিচাৰে৷ কাৰিকৰী সহযোগিতাই যুটীয়া গৱেষণা কৰ্ম গোট, পাইলট প্ৰজেক্ট, সক্ষমতা বৃদ্ধি কাৰ্যসূচী, শিক্ষামূলক ভ্ৰমণ, অভিজ্ঞতা/নিপুণতা বিনিময় আদি দিশ সাঙুৰি লয়৷
উপযোগিতাঃ

বুজাবুজিৰ চুক্তিখনে ভাৰত আৰু ফ্ৰান্সৰ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিব৷

***

AKT/MS