Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু ফ্ৰান্সৰ মাজত প্ৰবাসন আৰু গতিশীলতাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু ফ্ৰান্সৰ মাজত প্ৰবাসন আৰু গতিশীলতাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। চৰকাৰী ভ্ৰমণসূচী লৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ ভাৰত আগমণৰ সময়ত এই চুক্তি স্বাক্ষৰিত হ’ব বুলি আশা কৰা হৈছে।

এই চুক্তিয়ে ব্যক্তিগত পৰ্যায়ত নাগৰিকৰ মাজত সম্পৰ্ক গঢ়ি তোলাৰ লগতে দুয়োখন দেশৰ ছাত্ৰ, বিদ্যায়তনিক ব্যক্তি, গৱেষক তথা দক্ষ কৰ্মীসকলৰ মাজত গতিশীলতা আনি দিব আৰু অনিয়মীয়া মানৱ সৰবৰাহ নিয়ন্ত্ৰণ কৰিব। এই চুক্তিয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত ক্ৰমৱৰ্দ্ধমান বহুমূখী সম্পৰ্ক আৰু বিশ্বাসকে প্ৰকট কৰিছে।

প্ৰাৰম্ভিক পৰ্যায়ত এই চুক্তি সাত বছৰৰ বাবে কাৰ্যকৰী হ’ব আৰু আপোনাআপুনি পুনঃনৱীকৰণৰ সুবিধা থাকিব। ই এক যুটীয়া কৰ্মীগোটৰ পৰ্যবেক্ষণত থাকিব।

*****

AKT/VBA/PRK