পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু বুলগেৰিয়াৰ মাজত পৰ্যটন ক্ষেত্ৰত শক্তিশালী সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰৰ বাবে অনুমোদন জনাইছে।
সবিশেষঃ
এই বুজাবুজি চুক্তিৰ মুল বৈশিষ্ট্যসমূহ হৈছেঃ
ক। পৰ্যটন খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ সম্প্ৰসাৰণ কৰা।
খ। পৰ্যটন সম্পৰ্কীয় তথ্যৰ বিনিময় কৰা।
গ। হোটেল আৰু ট্যুৰ অপাৰেটৰকে ধৰি পৰ্যটনৰ অংশীদাৰসকলৰ মাজত সহযোগিতা বৃদ্ধিত উদ্গনি যোগোৱা।
ঘ। মানৱ সম্পদ উন্নয়নৰ সহযোগিতামুলক বিনিময় কাৰ্যসূচী আৰম্ভ কৰা।
ঙ। দুয়ো দেশৰ ট্যুৰ অপাৰেটৰ/সংবাদ মাধ্যম/অন্যান্য মতামতদাতাৰ মাজত ভ্ৰমণ বিনিময় ত্বৰান্বিত কৰা, যাতে দ্বিপাক্ষিক পর্যটনে আৰু অধিক গুৰুত্ব লাভ কৰে।
চ। পৰ্যটনৰ প্ৰচাৰ, বিপণন, গন্তব্য স্থানৰ উন্নীতকৰণ আৰু ব্যৱস্থাপনাৰ দিশত থকা অভিজ্ঞতাৰ বিনিময় কৰা।
ছ। দুয়ো দেশৰ অতি আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰক বোলছবিত চিত্ৰায়িত কৰি তাৰ প্ৰচাৰৰ জৰিয়তে দ্বিপাক্ষিক সহযোগিতা ক্ষীপ্ৰতৰ কৰা, আৰু
জ। নিৰাপদ, সন্মানীয় আৰু বহনযোগ্য পর্যটনৰ প্রচাৰ কৰা।
পটভূমিঃ
উল্লেখ্য যে ১৯৯৪ চনৰ ২৬ মে’ত পর্যটন ক্ষেত্রত ভাৰত আৰু বুলগেৰিয়াৰ মাজত এক সহযোগিতামুলক চুক্তি স্বাক্ষৰিত হৈছিল। ভাৰতৰ বাবে বুলগেৰিয়া এক সম্ভাৱনাপূৰ্ণ পৰ্যটনৰ বজাৰ(২০১৭ চনত প্ৰায় ৫২৮৮গৰাকী বুলগেৰিয়াৰ পৰ্যটক ভাৰতলৈ আহিছিল)। এই চুক্তিখনে পৰ্যটন বজাৰ বৃদ্ধিত এক আহিলা হিচাপে কাম কৰিব।
*****
AKT/SNC/DB