পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু বেলাৰুছৰ মাজত তেল আৰু গেছ খণ্ডত এক বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷ ২০১৭ৰ ১২ ছেপ্তেম্বৰত বেলাৰুছৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হৈছিল৷
বুজাবুজিৰ চুক্তিখনে ভাৰত আৰু বেলাৰুছৰ দ্বিপাক্ষিক সম্পৰ্কৰ লগতে অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা অধিক দৃঢ় কৰিব৷ স্বাক্ষৰিত হোৱা দিনৰ পৰা তিনি বছৰৰ বাবে বুজাবুজিৰ চু্ক্তিখন বাহাল থাকিব৷
******
AKT/VBA/SH/MS