Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু বেলাৰুছৰ মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু বেলাৰুছৰ মাজত বিনিয়োগৰ ক্ষেত্ৰত দ্বিপাক্ষিক বিনিয়োগ চুক্তিত অনুমোদন জনাইছে৷
এই চুক্তিৰ ফলস্বৰূপে দুয়োখন দেশৰ মাজত বিনিয়োগৰ পৰিমাণ বৃদ্ধি পাব৷ ইয়াৰ লগতে চুক্তিখনে বিনিয়োগকাৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰিব, যাৰ বাবে প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ(এফডিআই) আৰু অভাৰচিজ ডাইৰেক্টৰ বিনিয়োগ বৃদ্ধি পাব৷ ইয়ে নিয়োগ সৃষ্টিত এক ইতিবাচক প্ৰভাৱ পেলাব৷

দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তি স্বাক্ষৰিত হোৱাটো এক কৌশলগত পদক্ষেপ হিচাপে কাম কৰিব, যিহেতু বেলাৰুছ ইউৰাছিয়ান ইক’নমিক ইউনিয়নৰ সদস্য৷ ভাৰতে ইতিমধ্যে কিৰ্গিষ্টানৰ সৈতে দ্বিপাক্ষিক বিনিয়োগ চুক্তি স্বাক্ষৰিত কৰিছে আৰু ৰাছিয়াৰ সৈতে এক নতুন দ্বিপাক্ষিক বিনিয়োগ চুক্তিৰ বাবে কথা-বতৰা চলাই আছে৷

*****

AKT/VBA/SH/MS